সোণাৰিত পথৰ দাঁতিত বাগৰিল ফ্লীপকাৰ্টৰ সামগ্ৰী কঢ়িয়াই অনা বাহন।

সোণাৰি ন-জৱকাত পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত কথমপি প্ৰাণ ৰক্ষা গাড়ী চালকৰ। পথৰ ওপৰত শুই থকা গৰুক ৰক্ষা কৰিবলৈ যাঁওতেই পথৰ দাঁতিত বাগৰি পৰিল WB72E5348 নম্বৰৰ এখন বাহন। বাহন খনে ডিব্ৰুগড়ৰপৰা নাজিৰালৈ ফ্লীপকাৰ্টৰ সামগ্ৰী কঢ়িয়াই অনা বুলি জানিব পৰা গৈছে।