শুক্ৰবাৰে তিনিচুকীয়া জিলা চুতীয়া ছাত্র সন্থাই শদিয়াত থকা ঐতিহাসিক কীৰ্তিচিহ্নসমূহক লৈ সৃষ্টি হোৱা বিতৰ্ক সম্পৰ্কে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰখনত শদিয়াৰ ঐতিহাসিক কীৰ্তিচিহ্ন সমূহ চুতীয়া জনগোষ্ঠীৰ বুলি বুৰঞ্জীৰ পাতত লিপিবদ্ধ থকাৰ কথা উল্লেখ কৰি প্ৰতিক্ৰিয়াশীল এটা চক্ৰই ঐতিহাসিক কীৰ্তিচিহ্ন সমূহক আহোমকৰণৰ চক্ৰান্ত কৰা বুলি উল্লেখ কৰিছে ।
ইফালে টাই আহোম যুৱ পৰিষদৰ শদিয়া মহকুমা সমিতিয়ে অসম চৰকাৰৰ পুৰাতত্ব সঞ্চালকালয়ৰ ২০২১-২০২২ বিত্তীয় বৰ্ষৰ এককালীন সাহাৰ্য্য আঁচনিৰ যোগেদি চলি থকা শদিয়াৰ ঐতিহাসিক কীৰ্তিচিহ্ন সমূহৰ নিৰ্মাণ কাৰ্য্য বন্ধ কৰিবলৈ আহ্বান জনাই শদিয়াৰ মহকুমাধিপতিৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা কাৰ্য্যই জাতি জনগোষ্ঠীৰ ভাতৃত্ববোধত ব্যাঘাত জন্মাব বুলি উল্লেখ কৰি টাই আহোম যুৱ পৰিষদে নিৰ্মাণকাৰ্য্য বন্ধৰ বাবে জনোৱা দাবী নাকচ কৰি নিৰ্মাণকাৰ্য্য অব্যাহত ৰখাৰো দাবী তিনিচুকীয়া জিলা চুতীয়া ছাত্র সন্থাৰ ।