ধেমাজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত পুৰণি প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থা সমিতি ভংগ কৰি নতুন প্ৰাক্তন ছাত্র-ছাত্ৰী সংস্থা সমিতি গঠন

ধেমাজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি দিনৰ ১২.৩০ বজাত ধেমাজি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র-ছাত্ৰীৰ সংস্থাৰ পুৰনা সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয় । সভাত সভাপতিত্ব কৰে প্ৰাক্তন ছাত্র তথা সভাপতি কৃষ্ণ বৰদলৈয়ে । উদেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ অধ্যাপক তথা প্ৰাক্তন ছাত্র চৈলেন বৰকটকীয়ে । বিভিন্ন ক্ষেত্ৰত পৰামৰ্শ আৰু বক্তব্য ৰাখে ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দীপক নেওঁগ , প্ৰাক্তন ছাত্র তথা ধেমাজি মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ‍্যক্ষ সৱেশ্বৰ চুতীয়া , প্ৰাক্তন ছাত্র তথা ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লক্ষীধৰ শেনচোৱা , তোলন কোঁৱৰ , সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মনোজ গগৈ , সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপক শৰ্মা , অধ্যাপক দিগন্ত হাজৰিকা আদিয়ে। শতাধিক প্ৰাক্তন ছাত্ৰ - ছাত্ৰী উপস্থিত থকা আজিৰ সভাই সৰ্বসন্মতি ক্ৰমে উপদেষ্টা হিচাপে সৱেশ্বৰ চুতীয়া , লক্ষীধৰ শেনচোৱা , তোলন কোঁৱৰ , ৰুক্মিণী কোঁৱৰ , ডঃ দীপক নেওঁগ , সভাপতি হিচাপে কৃষ্ণ বৰদলৈ, কাৰ্যকৰী সভাপতি হিচাপে মহাবিদ্যালয়ৰ অধ্যাপক ক্ষিৰোদ গগৈ , সাধাৰণ সম্পাদক হিচাপে দিপক শৰ্মাক আৰু উপ-সভাপতি হিচাপে খগেন পেগু, ৰঞ্জন বূঢ়াগোহাঁই , মনোজ গগৈ , সহ-সাধাৰণ সম্পাদক হিচাপে পবিত্ৰ দত্ত মহন্ত নৰহ, আলোকজ্যোতি দত্ত, বিত্ত সম্পাদক কৰুণ জ্যোতি চেতিয়া , প্ৰচাৰ সম্পাদক ভৈৰৱ বৰা, কাৰ্যালয় সম্পাদক শৈলেন বৰকাকতি, লক্ষী চুতীয়াক নিবাচিত কৰি নতুনকৈ সমিতিখন গঠন কৰে । নৱ-নিৰ্বাচিত সমিতিয়ে আগন্তুক দিনত মহাবিদ্যালয়ৰ সৰ্বাংগীণ বিকাশৰ বাবে কাম কৰিব বুলি সকলোৱে উল্লেখ কৰে ।