অসমৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগ আৰু বঙাইগাঁৱৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা এখনি সভাত "মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনিৰ বিশেষ মনিটৰিং ব্যৱস্থা" (MGNREGA Special Initiative Monitoring System) ৰ অংশ হিচাপে বিভাগে প্ৰস্তুত কৰা এটি পৰ্টেল (https://pnrdassam.org/special-initiative/) ৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে ৷

 ইয়াৰোপৰি, এই সভাৰ পৰাই ভিডিঅ কনফাৰেন্সৰ যোগে ৰাজ্যৰ বিভিন্ন জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, খণ্ড উন্নয়ন বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ), মিছন অমৃত সৰোবৰ আৰু ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনিৰ ৰূপায়ণৰ কাম-কাজৰ সন্দৰ্ভত পৰ্যালোচনা কৰে ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ড° জে. বি. এক্কা আৰু আয়ুক্ত বিক্ৰম কৈৰীয়ে গুৱাহাটীৰ পৰা ভাৰ্চুৱেলি এই সভাত অংশগ্ৰহশ কৰে ৷ 

উল্লেখ্য যে, আজি শুভাৰম্ভ কৰা পৰ্টেলটোত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ উদ্যোগত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এমজিএনৰেগা আঁচনিৰ অধীনত ৰূপায়ণ কৰিবলৈ লোৱা অগৰ, চোম, চন্দন আদি মূল্যবান বৃক্ষৰোপণ আঁচনিকে ধৰি অন্যান্য নতুন পদক্ষেপৰ বিষয়ে সবিশেষ তথ্য উপলব্ধ থাকিব ৷ 

আজিৰ অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সৈতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত আয়ুক্ত ৰাতুল পাঠক, বঙাইগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নাদিৰা জেচমিনকে আদি কৰি বিভাগৰ বহুকেইগৰাকী বিষয়াসকল উপস্থিত থাকে ৷