গোলাঘাট নগৰৰ মাজমজিয়া স্থিত পাব্লিক বাচ আস্থানত গাড়ীৰ চালকৰ লগত মাৰপিত কৰি আটক এজন যুবক l ড্ৰাগছ আসক্তৰ বাবেই মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন স্থানীয় একাংশ লোকৰ l  

 গোলাঘাটত আজি কেইজন মান যুৱকে নগৰৰ মাজমজিয়া স্থিত পাব্লিক বাচ আস্থানত এখন গাড়ীৰ চালকৰ লগত তৰ্কা তৰ্কি হোঁৱাৰ পিচতেই মাৰপিটৰ ঘটনা সংঘটিত হয় l স্থানীয় একাংশ লোকৰ অভিযোগ অনুসৰি মাৰপিটৰ ঘটনা সংঘটিত কৰা যুৱক কেইজনে ড্ৰাগছৰ নিচাতেই লিপ্ত হয় মাৰপিটত। স্থানীয় লোকে এই বুলিও মন্তব্য কৰে যে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত পাব্লিক বাচ আস্থানত খুলাকৈ একাংশ যুৱকে ড্ৰাগচ সেৱন কৰাৰ লগতে দিনে নিশাই উক্ত স্থানতেই বিক্ৰী হয় ড্ৰাগছ l মাৰপিটৰ ঘটনা সংঘটিত কৰাৰ পিচতেই উক্ত স্থানৰ পৰা পলায়ন কৰে যদিও এজন যুৱকক কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে স্থানীয় লোক সকলে l