ডাম্পাৰ চালকৰ দৌৰাত্ম্য,চলন্ত ডাম্পাৰৰ চকা খুলি যোৱাত এজনৰ মৃত্যু। ঘটনাক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদতীব্ৰবেগত চলা বাহনৰ চালকৰ মইমতালিৰ বাবেই বিভিন্ন সময়ত বিভিন্ন ঠাইত দুৰ্ঘটনা সংঘটিত হৈ বহু লোকৰ মৃত্যু নতুবা চিৰদিনৰ বাবে পঙ্গু হোৱাৰ ঘটনাৰ নজিৰ বহু আছে। 

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

পুনৰ তীব্ৰবেগত চলা বাহনৰ বাবে মৃত্যুক সাৱটিব লগা হল ডাঙৰীৰ ধাদুম পথাৰ গাওঁৰ মাথোঁৰাম সোণোৱাল নামৰ এগৰাকী ৬০ বছৰীয়া ব্যক্তি মৃত্যু হয়

 ঘটনাটো সংঘটিত হৈছে ডাঙৰীৰ ধাদুম বিল গাঁৱৰ তিনিআলিত। তিনিচুকীয়া পৰা ৰইং অভিমুখে তীব্ৰবেগত আহি থকা AS 23 CC 7691 নম্বৰৰ ডাম্পাৰখনৰ চকা খুলি গৈ পথৰ কাষত থকা মাথোঁ সোণোৱাল নামৰ ব্যক্তিজনৰ  লগতে ৰঞ্জিতা ধান নামৰ এগৰাকী মহিলাক মহতিয়াই লৈ যায়। স্থানীয় প্ৰতক্ষদৰ্শী ব্যক্তিয়ে ততাতৈয়াকৈ দুয়োগৰাকীকে চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়লৈ নি থকাৰ অৱস্থাতে মাথোঁৰাম সোণোৱাল নামৰ ব্যক্তিগৰাকী মৃত্যু মুখত পৰে। সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৰঞ্জিতা ধান নামৰ গুৰুত্বৰ ভাবে আঘাত প্ৰাপ্ত মহিলাগৰাকী

এই ঘটনাৰ পিছতেই স্থানীয় লোকসকল উত্তেজিত হৈ প্ৰায় ৩ ঘণ্টা জোৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল কৰি ৰাখে। তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, ডুমডুমাৰ ৰাজহ চক্ৰ বিষয়া আৰু ডুমডুমা থানাৰ প্ৰভাৰি উপস্থিত থাকি পথ অৱৰোধ কাৰীক ক্ষান্ত কৰোৱাই । পথ অৱৰোধ কাৰী জনতাই পথ অৱৰোধ থলীৰ পৰা দাবী জনাই যে শীঘ্ৰেই সেই স্থানত গতি নিয়ন্ত্ৰণ ৰোধ কৰিবৰ বাবে স্পীড ব্ৰেকাৰৰ ব্যবস্থা কৰাৰ লগতে ডাঙৰী অঞ্চলত থকা একমাত্ৰ চিকিৎসালয় খনত আকস্মিক ঘটনাৰ লগতে অনান্য চিকিৎসা সেৱাৰ বাবে যি প্ৰয়োজনীয় ব্যবস্থা সেয়া শীঘ্ৰেই চৰকাৰ আৰু বিভাগীয় কৰ্তিপক্ষই ব্যবস্থা গ্ৰহণ কৰিব লাগে।।।