বৰহাটৰ নাৰেমপথাৰ নাৰায়ণ পুৰ প্ৰাথমিক সেৱাগৃহত তিনিমহীয়া গাণিকা প্ৰশিক্ষণ শুভাৰম্ভ।

চৰাইদেউ জিলাৰ নাৰেম পথাৰ গাওঁ বাসীৰ সহযোগত নাৰায়ণ পূৰ প্ৰাথমিক সেৱাগৃহত আজিৰ পৰা তিনিমহীয়াকৈ গাণিকা প্ৰশিক্ষণ আৰম্ভ হৈছে।

উক্ত প্ৰশিক্ষণৰ শুভাৰম্ভ কৰে বৰুৱাছালি জিলা পৰিষদৰ সদস্য পূৰবী দুৱাৰা গগৈয়ে।আনহাতে বৰহাট নিউ হাই স্কুলৰ সহঃশিক্ষক বৌদ্ধ গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত সদৌ অসম গাওঁবুঢ়া সন্থাৰ সভাপতি তথা বিশিষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক গোবিন গগৈ, জাপিসজীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন নেওগ প্ৰমুখ্যে অঞ্চলটোৰ ভালেকেইজন বিশিষ্ট সাংস্কৃতিক কৰ্মী,ধৰ্মপৰায়ণ,সমাজকৰ্মী লোকে অংশগ্ৰহণ কৰে।আনহাতে গাণিকা কৰ্মশালাত অঞ্চলটোৰ ৪০জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।