বিলাসীপাৰাৰ ভূমি বিবাদ আৰু নৃশংস হত্যা কাণ্ডৰ ঘটনা। বেলতলীৰ ভূমি বিবাদ কাণ্ডক লৈ অশান্ত হৈ পৰা বিলাসীপাৰাত উপস্থিত মন্ত্ৰী অজন্তা নেওগ আৰু ৰঞ্জিত কুমাৰ দাস। অসমৰ মুখ্য মন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে শুকুৰবাৰে বিলাসীপাৰাত উপস্থিত হয় বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু পঞ্চায়ত, গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। বিলাসীপাৰাত উপস্থিত হৈ ভূমি বিবাদ কাণ্ডৰ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী দ্বয়ে। উল্লেখ্য যে ২১ আগষ্টত বেলতলীৰ ভূমি বিবাদ কাণ্ডত উদণ্ড লোকৰ নিৰ্মম প্ৰহাৰত মৃত্যু হৈছিল ছফিল উদ্দিন সেখ নামৰ এগৰাকী ব্যক্তিৰ। তাৰ পিছতেই সম্পূৰ্ণ ৰূপে অশান্ত হৈ পৰিছিল সমগ্ৰ বিলাসীপাৰা। মৃতদেহ সন্মুখত লৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল হাজাৰ হাজাৰ লোকে। ইতিমধ্যে উক্ত ঘটনাৰ লগত জড়িত অধিকাংশ দোষীক গ্ৰেপ্তাৰ কৰিছে বিলাসীপাৰা আৰক্ষীয়ে। আজি বিলাসীপাৰাৰ বেলতলীত সংঘটিত হোৱা উক্ত ভূমি বিবাদ কাণ্ডস্থলীত মন্ত্ৰী অজন্তা নেওগ আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ ঘটনাৰ লগত জড়িত প্ৰত্যেক জন দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব বুলি আশ্বাস প্ৰদান কৰে। এই হত্যা কাণ্ডৰ লগত জড়িত কোনো এজনো দোষীয়ে সাৰি নাযাব বুলি কয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু বিত্ত মন্ত্ৰী অজন্তা নেওগে। মন্ত্ৰী দ্বয়ক সংগ দিয়ে ধুবুৰী জিলা উপায়ুক্ত আম্বামুথান এম পি আৰু বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিৱাণীয়ে॥