কামৰূপ জিলাৰ ঔদ্যোগিক গোট সমূহৰ প্ৰতিনিধি, উদ্যোগী আৰু ৰপ্তানীকাৰী সকলৰ সৈতে আজি জিলা উপায়ুক্ত কীৰ্তি জল্লীৰ এক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উদ্যোগত গুৱাহাটী বায়’টেক পাৰ্কত আয়োজিত এই মত-বিনিময় অনুষ্ঠানত জিলাখনৰ চান ফাৰ্মা, আই টি চি লিমিটেড, ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিজ ইত্যাদিৰ লেখীয়া উদ্যোগ সমূহৰ প্ৰতিনিধি বৰ্গৰ লগতে প্ৰায় ১০০ ৰো অধিক ঔদ্যোগিক গোটৰ প্ৰতিনিধি বৰ্গই অংশগ্ৰহণ কৰে। জিলাখনত এক ঔদ্যোগিক অনুকুল পৰিৱেশ তথা কোম্পানী সমূহৰ সামাজিক দায়বদ্ধতা সম্পৰ্কত এক বিস্তৃত আলোচনা কৰাৰ বাবে এই মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়।

 অনুষ্ঠানৰ আৰম্ভণিতে সহকাৰী আয়ুক্ত চেহনাব চাহিনে জিলাখনত ঔদ্যোগিক গোট সমূহে লৈ অহা সামাজিক দায়বদ্ধতাৰ পদক্ষেপ, সামাজিক দায়বদ্ধতাৰ পৰিসৰ বৃদ্ধিৰ প্ৰয়োজনীয়তা ইত্যাদি সামৰি এক প্ৰেজেন্টেশ্যন আগবঢ়ায়। অনুষ্ঠানত গুৱাহাটী বায়’টেক পাৰ্কৰ তৰফৰপৰাও তেওঁলোকে হাতত লোৱা বিভিন্ন কৰ্মৰাজিৰ আলোকপাতেৰে এক প্ৰেজেন্টেশ্যন প্ৰদান কৰা হয়।

 অনুষ্ঠানত বিভিন্ন ঔদ্যোগিক খণ্ডৰ প্ৰতিনিধি বৰ্গই তেওঁলোকে সন্মুখীন হৈ অহা সমস্যাৰাজি জিলা উপায়ুক্তক অৱগত কৰে। জিলা উপায়ুক্তই তেওঁলোকৰ সমস্যাৰাজি সমাধানৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে। জিলা উপায়ুক্তই উদ্যোগ সমূহৰ প্ৰতিনিধি বৰ্গক জিলাখনৰ বিভিন্ন ক্ষেত্ৰত কোম্পানীৰ সামাজিক দায়বদ্ধতা কায্যসূচীৰ অধীনত বৰ্দ্ধিত হাৰত কৰ্মসূচী লোৱাৰ বাবে আহ্বান জনায়। জিলাখনৰ সৰ্বাংগীণ উন্নয়নৰ বাবে এই ক্ষেত্ৰত এক সমূহীয়া পদক্ষেপৰ প্ৰয়োজনীয়তা আছে বুলি তেওঁ কয়।

 অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত নৰসিং বে, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰৱন্ধক, জিলাখনৰ বিভিন্ন ঔদ্যোগিক গোটৰ প্ৰতিনিধিৰ লগতে অন্যান্য গণ্য-মান্য ব্যক্তি সকল উপস্থিত থাকে।

 আনহাতে আজি জিলাখনৰ ৬০খন বিদ্যালয়ক “প্ৰকল্প বালাৰ” অধীনত আন্তঃগাথনি উন্নীত কৰণৰ বাবে মেৰীকো আৰু জিলা প্ৰশাসনৰ মাজত ১২ লাখ টকাৰ এক বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। উপায়ুক্তই মেৰীকোৰ প্ৰতিনিধি সকলক ইয়াৰ বাবে বিশেষ ভাৱে ধন্যবাদ জ্ঞাপন কৰে।