শুক্ৰবাৰে তিনিচুকীয়াত  গনেশ চতুৰ্থীৰ  মূৰ্ত্তি বিসৰ্জনৰ নামত একাংশ‌ই চৰম  উদ্ভণ্ডালি কৰা পৰিলক্ষিত হয়  ।

তিনিচুকীয়াৰ শ্ৰীপুৰীয়াত ডিজে বজোৱাৰ ক্ষেত্ৰত আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পিছতে আৰক্ষীৰ সৈতে তৰ্কত লিপ্ত হৈয়ে ক্ষান্ত নাথাকি বাধা প্ৰদান কৰা আৰক্ষীৰ সৈতে হতাহতি পৰ্যন্ত কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ উদণ্ড যুৱকে ।

পৰবৰ্তী সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মূৰ্ত্তি বিসৰ্জনৰ নামত  মদ্যপান কৰি  উদ্ভণ্ডালি কৰা তিনিজনক আটক কৰে তিনিচুকীয়া আৰক্ষীয়ে  ।