মুম্বাইত অনুষ্ঠিত হৈছিল মিছ প্ৰিন্ট এছ ডি কিড ইউনিভাৰ্চ-২০২২। উক্ত প্ৰতিযোগীতাত অসম তথা গোলাঘাট জিলাৰ পৰা প্ৰতিনিধিত্ব কৰি স্থান দখল কৰিবলৈ সক্ষম হ'ল উৰিয়ামঘাটৰ বিদ্যাদীপ্তা বৰুৱাই।গোলাঘাটত জিলা ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ মানিক বৰুৱা আৰু জয়া বৰুৱাৰ কন্যা বিদ্যাদীপ্তা বৰুৱা গন্ধকৰৈ জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেনীত অধ্যয়নত। কেইবাখনো ৰাজ্যৰ প্ৰায় এক অৰ্ধ শতাধীক প্ৰতিযোগীয়ে অংশ গ্ৰহন কৰা প্ৰতিযোগীতাখনিত বিদ্যাদীপ্তাই খিতাপ আৰ্জন কৰি ৰাজ্য তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।