হাজো-আমিনগাঁও সংযোগী গড়কাপ্তানি পথৰ দুৰৱস্থা
হাজো-আমিনগাঁও সংযোগী গড়কাপ্তানি পথৰ পয়ালগা অৱস্থা ৷৷ বৃহৎ বৃহৎ গাতবোৰেৰে যাতায়াতৰ সম্পূৰ্ণ অনুপযোগী হৈ পৰিছে এই গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথটো ৷
এই গাঁতবোৰৰ বাবে বিগত প্ৰায় দুবছৰত কমেও ৪০ টাতকৈ অধিক দুৰ্ঘটনা সংঘটিত হৈছে এই গুৰুত্বপূৰ্ণ পথটো ।৷ আশ্চৰ্যকৰ কথাটো হল গড়কাপ্তানি বিভাগৰ কাৰ্যালয়টো এই পথটোৰ দাঁতিতে অৱস্থিত ৷ তথাপিও পথটোৰ দুৰৱস্থাৰ প্ৰতি গুৰুত্ব নাই বিভাগটোৰ ৷৷
বহুবাৰ অভিযোগ দিয়াৰ পিছতো পথটোৰ দুয়োকাষে ৰং কৰিয়ে পথটোৰ মেৰামতিৰ দায়িত্ব সামৰিছে গড়কাপ্তানি বিভাগটোৱে।৷
যাৰবাবে ৰংচঙীয়া হলেও পথটোৰ গাঁতবোৰৰ বাবে প্ৰতিটো মুহূৰ্তত দূৰ্ঘটনাৰ আশংকাত ভুগিছে দৈনিক পথটোৰে অহা যোৱা কৰা হেজাৰ হেজাৰ পথচাৰিয়ে ৷