শুক্ৰবাৰে তিনিচুকীয়া জিলা অগপৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে জিলা অগপৰ জেষ্ঠ নেতা অশোক শৰ্মা‌ই ।

অগপৰ সভাপতি অতুল বৰাই এক লিখিত পত্ৰৰ জৰিয়তে  তিনিচুকীয়া জিলা অসম গণ পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব প্ৰদান কৰিছে জেষ্ঠ অগপ নেতা গৰাকীক ।

তিনিচুকীয়া জিলা অগপৰ কাৰ্য্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অশোক শৰ্মাই ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে জিলাখনৰ অগপ কৰ্মী সকলে সম্বৰ্ধনা জনাই নেতা গৰাকীক ।

উল্লেখযোগ্য যে অগপ নেতা জ্যোতিমনি মৰাণে এক বিতৰ্কৰ মাজত সোমাই পৰাৰ বাবে তিনিচুকীয়া জিলা অগপৰ সভাপতি পদৰ পৰা অব্যাহতি বিচাৰি অতুল বৰালৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছতে অতুল বৰাই অশোক শৰ্মাক অগপৰ তিনিচুকীয়া জিলাৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰে ।