ৰঙিয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত শুক্ৰবাৰে গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয় ।

 ৰঙিয়া সমষ্টিৰ বিভিন্ন পঞ্চায়ত সমূহত চলি থকা ৰাজ্য চৰকাৰৰ অধীনৰ জনকল্যাণমুখী তথা উন্নয়ন মূলক আঁচনি সমূহৰ কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত খতিয়ান লোৱাৰ লগতে আগন্তুক দিনত ল'বলগীয়া পৰিকল্পনা সন্দৰ্ভত খণ্ড উন্নয়ন বিষয় ববীয়া সকলৰ লগতে পঞ্চায়ত প্ৰতিনিধিসকলৰ সৈতে আলাপ আলোচনা কৰা হয়।ৰঙিয়াৰ স্থানীয় বিধায়ক ভবেশ কলিতাই উক্ত সভাত অংশগ্ৰহণ কৰি খণ্ড উন্নয়নৰ বিষয় ববীয়া তথা পঞ্চায়তৰ প্ৰতিনিধিসকলক ৰাজ্য চৰকাৰৰ অধীনত চলি থকা উন্নয়ন মূলক আঁচনি সমূহ নিৰ্ধাৰিত সময়ত ক্ষীপ্ৰ গতিত ৰূপায়িত কৰি তুলিবলৈ নিৰ্দেশ প্ৰদান কৰে। সভাত খণ্ড উন্নয়ন বিষয়া ধনজিৎ দত্তৰ লগতে বিভিন্ন পঞ্চায়তৰ প্ৰতিনিধি সকল তথা বিষয় ববীয়া সকল উপস্থিত থাকে।