মৃত যুৱক জনৰ নাম বাহাৰুল ইছলাম। ঘৰ জুৰীয়া থানাৰ অন্তৰ্গত দীঘলীআটিত।
নগাঁৱৰ ইছমালপট্টিস্থিত বাসগৃহৰ পৰা ধিং অভিমুখী গৈ আছিল যুৱক জন।
উল্লেখ্য যে কিছুদিন পূৰ্বে যুৱকজন ৰিহাব চেন্টাৰৰ পৰা ওলাই আহিছিল।
ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে যুৱক জনৰ মৃত্যুৰ প্ৰকৃত কাৰণ এই মূহুৰ্তলৈকে জানিব পৰা হোৱা নাই।
 
  
  
  
  
   
   
   
   
  