আজিৰ খবৰ, গুৱাহাটী , ২৯ জুলাই, ২০২২ : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জৈৱ বৈচিত্ৰ্য সংৰক্ষণ , পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা আৰু গোলকীয় উত্তাপ ৰোধ কৰাৰ লগতে সকলো চৰকাৰী কাৰ্যালয় , শিক্ষানুষ্ঠান চৌহদ যাতে গছ গছনিৰে সেউজীয়া হৈ থাকে তাৰ বাবে "মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্প" নামৰ এক বিশেষ কাৰ্যসূচী আৰম্ভ কৰিছে । ১৭ জুলাইত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰা এই অভিলাসী কাৰ্যসূচীৰ অহা ১৫ আগষ্টৰ স্বাধীনতা দিৱসত সামৰণি পৰিব । আনহাতে এই কাৰ্যসূচীৰ অধীনত বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডল আৰু গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ সৌজন্যত নাৰেংগী খণ্ড বন বিষয়া কাৰ্যালয়ৰ উদ্যোগত আজি ৫৭ নম্বৰ ৱাৰ্ডৰ কেন্দুগুৰি প্ৰাথমিক বিদ্যালয় চৌহদত গছপুলি কৰা হয় ।নাৰেংগীৰ খণ্ড বন বিষয়া অসীম দাসৰ নেতৃত্বত খণ্ড কাৰ্যালয়ৰ বনকর্মী সকলে বিদ্যালয় চৌহদত বিভিন্ন প্ৰজাতিৰ ৫০ টা গছপুলি ৰোপণ কৰে । আনহাতে গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক অনন্ত মহন্তই । কাৰ্যসূচীত বিদ্যালয়ৰ শিক্ষক - শিক্ষয়িত্ৰী , ছাত্ৰ - ছাত্ৰী আৰু কিছু সংখ্যক অভিভাৱক , স্থানীয় লোক উপস্থিত থাকে । আনহাতে গুৱাহাটীৰ আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱাই জানিবলৈ দিয়া মতে বিগত সময়চোৱাত প্ৰকল্পৰ অধীনত গুৱাহাটী মহানগৰীৰ বিভিন্ন চৰকাৰী - বেচৰকাৰী শিক্ষানুষ্ঠান চৌহদ , পথৰ দাঁতিত বা ডিভাইদাৰত গছপুলি ৰোপণ কৰি থকা হৈছে । ১৫ আগষ্টৰ ভিতৰত প্ৰায় ১,৭০০ টা গছপুলি ৰোপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি বন বিষয়া প্ৰাঞ্জল বৰুৱাই সদৰি কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
duplicate નકલી, પાસપોર્ટ pasport, કેસ case, fake, યુવકની ધરપકડ, SOG CRIME BRANCH PRESS, #sms
duplicate નકલી, પાસપોર્ટ pasport, કેસ case, fake, યુવકની ધરપકડ, SOG CRIME BRANCH PRESS, #sms
'कीलें हमारे पास भी हैं...' Rakesh Tikait बोले- दिल्ली आने से रोका तो गांव में नहीं घुस पाएंगे नेता
'कीलें हमारे पास भी हैं...' Rakesh Tikait बोले- दिल्ली आने से रोका तो गांव में नहीं घुस पाएंगे नेता
પોરબંદર માધવપુર હાઇવે પર સિકોતેર મંદિર નજીક સિંહ દેખાયો જુઓ વિડિયો
પોરબંદર માધવપુર હાઇવે પર સિકોતેર મંદિર નજીક સિંહ દેખાયો જુઓ વિડિયો
হৃদয়হীন পিতৃ মাতৃয়ে মৰাণৰ বটামৰাৰ নলাত পেলাই গ'ল দেৱশিশু
হৃদয়হীন পিতৃ মাতৃয়ে মৰাণৰ বটামৰাৰ নলাত পেলাই গ'ল দেৱশিশু