আজি মুখ্যমন্ত্ৰীক সাক্ষাত কৰি এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে।
১. ভেন্সাৰ বিদ্যালয়সমূহ প্ৰাদেশীকৰণ নকৰিলে বহু শিক্ষকৰ দুৰৱস্হা হ'ব।
২. নতুন শিক্ষা নীতিয়ে চৰকাৰী শিক্ষা ব্যবস্হা ধ্বংস কৰিব, শিক্ষাৰ ব্যক্তিগতকৰণত উৎসাহ যোগাব।
৩. জেহাদীৰে সম্পৰ্ক থকা বুলি বিভিন্ন লোকক গ্ৰেপ্তাৰ কৰি আছে। আগতে তথ্য-প্ৰমাণ লওক তাৰ পাছত গ্ৰেপ্তাৰ কৰক।
৪. আগতেও এনেকৈ গ্ৰেপ্তাৰ কৰিছে বিশেষ জনগোষ্ঠী এটাৰ লোকক। পাছত নিৰপৰাধী ওলাইছিল। বহুতে আত্মহত্যাও কৰিলে তাৰ পাছত।
৫. এটা বিশেষ গোষ্ঠীৰ লোকক ভীতি প্ৰদৰ্শনৰ বাবে এয়া কৰিছে আৰক্ষীয়ে।