সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু’ৰ নতুনকৈ গঠিত সমিতিখনৰ যুটীয়া সাধাৰণ সম্পাদক হেমন্ত বৰা কোচ, সহকাৰী সাধাৰণ সম্পাদক হেমন্ত ডেকা, সাংগঠনিক সম্পাদক ৰণজিৎ ৰায়ক আজি টংলাস্থিত চিলাৰায় ভৱনত ওদালগুৰি জিলা সমিতি( পশ্চিম)ৰ তৰফৰ পৰা উষ্ম আদৰণি আৰু অভিনন্দন জ্ঞাপন কৰা হয়। ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ উপদেষ্টা নীলধৰ ডেকাই সঞ্চালনা কৰা অভিনন্দন অনুষ্ঠানত উষ্ম অভিনন্দন গ্ৰহণ কৰি কেন্দ্ৰীয় সমিতি আক্ৰাছু’ৰ যুটীয়া সাধাৰণ সম্পাদক পদ লাভ কৰা হেমন্ত বৰা কোচে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ বৃহত্তৰ স্বাৰ্থত একত্ৰিত হোৱাত খুবেই সুখী। অনাগত দিনত জনগোষ্ঠীটোৰ সৰ্বাংগীণ বিকাশ, উন্নয়নৰ অৰ্থে সংগ্ৰামী ৰাইজ ঐক্যবদ্ধ হৈ থাকিব। জাতিটোৰ স্বাভিমান ৰক্ষাৰ হকে আমি দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সচেতন হব লাগিব বুলি জনোৱাৰ লগতে জনগোষ্ঠীটোৰ ন্যাৰ্য প্ৰাপ্তিৰ বাবে ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন, জানাজাতিকৰণৰ হকে কৰি অহা সংগ্ৰামখন তীব্ৰ গতিত আগবঢ়াই লৈ যোৱাৰ হকে অহোপুৰুষাৰ্থ কৰি যাম। তাৰবাবে কোচ ৰাজবংশী জনসাধাৰণৰ সহায় -সহযোগ আৰু অন্যান্য জনগোষ্ঠীৰো সমৰ্থন আমি নিশ্চয় পাম। কোচ ৰাজবংশী ৰাইজে আমাক আশিস নিৰ্মালি প্ৰদান কৰক । আমি জাতিটোৰ হকে সৰ্বস্ব উজাৰি ত্যাগ কৰি যাম। আক্ৰাছু ‘ৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক হেমন্ত ডেকা, ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ উপ সভাপতি ধৰ্মকান্ত দাসে চমু ভাষণ দিয়া অনুষ্ঠানটোৰ আঁত ধৰে জিলা আক্ৰাছু’ৰ সভাপতি মিণ্টু বৰুৱা, সাধাৰণ সম্পাদক মুকুন্দ ডেকাই আঁত ধৰে। নৱ নিযুক্ত কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দক জিলা আক্ৰাছু’, টংলা আঞ্চলিক সমিতি, ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য উপদেষ্টা নীলধৰ ডেকা, উপ সভাপতি ধৰ্মকান্ত দাসে স্বজাতীয় আনচাৰে উষ্ম অভিনন্দন জ্ঞাপন কৰে। উল্লেখযোগ্য যে যোৱা ২৯ আগষ্টত কোকৰাঝাৰ জিলাৰ চেৰফাংগুড়িত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দুই বিভাজিত গোট দ্বীপেন ৰায় আৰু পূৰেণ ৰায় গোট কোচ ৰাজবংশী জনগোষ্ঠীৰ বৃহত্তৰ স্বাৰ্থত একত্ৰীকৰণ হৈছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાવીજેતપુર ભારજ નદી નો પુલ ટુ વ્હીલર તેમજ રાહદારીઓ માટે ખુલ્લો મુકાયો
પાવીજેતપુર ભારજ નદી નો પુલ ટુ વ્હીલર તેમજ રાહદારીઓ માટે ખુલ્લો મુકાયો
...
IPL 2023 Shubman Gill: 'शादी में बदली लव स्टोरी', Shubman Gill की तारीफ में Virender Sehwag का बयान वायरल
सोमवार की रात अहमदाबाद के नरेंद्र मोदी क्रिकेट स्टेडियम में शुभमन गिल ने एकबार फिर बल्ले से जमकर...
RBI Monetary Policy: RBI ने लगातार छठी बार बढ़ाया रेपो रेट, लोन होंगे महंगे
RBI Monetary Policy 2023 Live Updates: आज भारतीय रिजर्व बैंक (RBI) के मौद्रिक नीति समिति...
શહેરમાં ડ્રગ્સ ના વેચાણ બન્ધ કરવા માટે મેર ના આવેદનપત્ર આપ્યા પૂર્વ કોર્પોરેટર શાહ નવાઝ શેખ
શહેરમાં ડ્રગ્સ ના વેચાણ બન્ધ કરવા માટે મેર ના આવેદનપત્ર આપ્યા પૂર્વ કોર્પોરેટર શાહ નવાઝ શેખ