সোণাৰি, ১ ছেপ্টেম্বৰ: সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে আজি চৰাইদেউ জিলাতো পোষণ মাহ-২০২২ ৰ শুভাৰম্ভণি কৰা হয়। এই উপলক্ষে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল বৰুৱাৰ অধ্যক্ষতাত আজি এখন সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে পোষণ মাহৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এডপ্ট এন অংগনবাড়ী চেন্টাৰ (Adopt an Anganwadi Centre) শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে জন প্ৰতিনিধি, স্বেচ্ছাসেৱী অনুষ্ঠান, প্ৰতিষ্ঠান আৰু সাধাৰণ ৰাইজে জিলাখনৰ ৬৬৮ টা অংগনবাড়ী কেন্দ্ৰৰ উন্নয়নৰ বাবে বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াব পাৰিব বুলি উপায়ুক্ত গৰাকীয়ে অৱগত কৰে। সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে তেওঁৰ ভাষণত এডপ্ট এন অংগনবাড়ী চেন্টাৰ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত সহযগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। এখন শক্তিশালী দেশৰ ভেঁটি নিৰ্মাণৰ বাবে দেশৰ ভবিষ্যত স্বৰূপ শিশু সকলক সুষম আহাৰ আৰু পুষ্টিকৰ খাদ্য যোগান ধৰাটো নিতান্তই প্ৰয়োজনীয় বুলি উল্লেখ কৰি তেওঁ পোষণ মাহৰ বিভিন্ন কাৰ্যসূচী সূচাৰুৰূপে সম্পন্ন কৰাৰ যোগেদি জিলাখনৰ শিশু আৰু মাতৃ সকলক সুস্থ আৰু সবল কৰি ৰখাত অৰিহণা যোগাবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনায়। অংগনবাড়ী কেন্দ্ৰসমূহত পুষ্টি বাগিচা স্থাপন কৰি জৈৱিক পদ্ধতিৰে বিভিন্ন থলুৱা শাক-পাচলি উৎপাদন কৰি শিশু আৰু মাতৃক যোগান ধৰাৰো তেওঁ পোষকতা কৰে। পুষ্টিৰ গুৰুত্ব সম্পৰ্কে চাহ-বাগিচা এলেকাত বিশেষভাবে সজাগতা বৃদ্ধি কৰিবলৈও তেওঁ আহ্বান জনায়। অনুষ্ঠানত উপস্থিত থাকি সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে তেওঁৰ বক্তব্যত জিলাখনৰ সমাজ কল্যাণ বিভাগৰ কাম-কাজৰ শলাগ লৈ কয় যে বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে বিভাগীয় আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত দক্ষ ভূমিকা গ্ৰহণ কৰি আহিছে। পোষণ মাহৰ সকলো কাৰ্যসূচী নিয়াৰিকৈ সম্পন্ন কৰাৰ ক্ষেত্ৰত তেওঁ সংশ্লিষ্ট সকলোকে কায়মনোবাক্যে নিজৰ দায়িত্ব নিষ্ঠাৰে সম্পন্ন কৰি শিশুসকলক পুষ্টিহীনতাৰ গ্ৰাসৰ পৰা উদ্ধাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে পোষণ মাহৰ সফলতাৰ বাবে বিভাগীয় সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উপায়ুক্ত পল বৰুৱাই তেওঁৰ বক্তব্যত পোষণ মাহৰ সকলো কাৰ্যসূচীতে সংশ্লিষ্ট বিভাগ সমূহৰ অংশগ্ৰহণ অপৰিহাৰ্য বুলি উল্লেখ কৰি পোষণ মাহৰ বিভিন্ন কাৰ্যসূচী সম্পৰ্কে অৱগত কৰে। তেওঁ পুষ্টি বাগিচা স্থাপন কৰি অংগনবাড়ী কেন্দ্ৰসমূহত শিশু আৰু মাতৃসকলক তাতে উৎপাদিত শস্য আৰু ফল-মূল খাদ্য হিচাপে যোগান ধৰিবলৈ কয়। এই ক্ষেত্ৰত শ্ৰেষ্ঠ প্ৰদৰ্শন দেখুৱালে পুৰস্কৃত কৰাও হ'ব বুলি তেওঁ ঘোষণা কৰে। তেওঁ পোষণ মাহৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক একোজনকৈ নডেল বিষয়াৰ নাম দাখিল কৰিবলৈ আহ্বান জনায়। নডেল বিষয়া গৰাকীয়ে পোষণ মাহ সম্পৰ্কীয় বিভাগীয় কাম-কাজ সমূহ সংশ্লিষ্ট পৰ্টেলত আপলোড কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে। অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে তেওঁৰ বতব্যত জিলাখনে বিগত বৰ্ষত পোষণ মাহ সফলভাৱে ৰূপায়ণ কৰাৰ বাবে পুৰস্কৃত হৈছিল বুলি উল্লেখ কৰি সংশ্লিষ্ট সকলোকে পূৰ্বতকৈ অধিক উদ্যম আৰু নিষ্ঠাৰে নিজ দায়িত্ব সম্পাদন কৰি পোষণ মাহৰ সকলো কাৰ্যসূচী সফতাৰে সম্পন্ন কৰিবলৈ আহ্বান জনায়। সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া জাহ্নবী গোস্বামীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈ, সহকাৰী আয়ুক্ত সমুজ্জ্বল বড়া আৰু সুপ্ৰভা ৰয়, নিৰ্বাচনী বিষয়া নিবেদিতা বৰঠাকুৰ, অভয়পুৰ, সাপেখাতী, লাকুৱা আৰু সোণাৰিৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াসকল ক্ৰমে মিৰাণ্ডা সোণোৱাল, মৌচুমী গগৈ, সুপ্ৰিয়া বৰদলৈ আৰু প্ৰিয়ংকা টাইড, মুখ্য সেৱিকাবৃন্দ, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱা প্ৰমুখ্যে সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰীসকল, জিলা পৰিষদৰ সদস্যা জিণু কোঁৱৰ, বিশিষ্ট সমাজকৰ্মী ক্ৰমে মন্টু কোঁৱৰ, কাজল দে' আৰু দিলীপ কোঁৱৰ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कल शपथ लेंगे नए CJI संजीव खन्ना:आर्टिकल-370, EVM पर फैसले दिए; उनके चाचा को इंदिरा ने CJI नहीं बनने दिया था
CJI डीवाई चंद्रचूड़ के रिटायरमेंट के बाद जस्टिस संजीव खन्ना भारत के 51वें चीफ जस्टिस बनेंगे। वे...
सोमय मुंडे यांनी स्वीकारला लातूरच्या जिल्हा पोलिस अधीक्षकपदाचा पदभार
सोमय मुंडे यांनी स्वीकारला लातूरच्या जिल्हा पोलिस अधीक्षकपदाचा पदभार
ડીસામાં ભારત વિકાસ પરિષદનો સ્નેહમિલન કાર્યક્રમ યોજાયો
ભારત વિકાસ પરિષદ ડીસા મુખ્ય શાખા ડીસામાં ભારત વિકાસ પરિષદ દ્વારા સ્નેહમિલન કાર્યક્રમ યોજાયો હતો....
Maharashtra: Increasing number of complaints of child marriages is a positive step
The first step to preventing child marriage is to report it. Earlier, citizens ignored this...
Jio 239 VS 249 Recharge Plan: ज्यादा कीमत चुकाने पर भी डेटा मिलेगा कम, 10 रुपये के अंतर से बदल जाते हैं फायदे
कई बार मोबाइल रिचार्ज प्लान में 10 रुपये और 1 रुपये का मामूली अंतर तक देखने को मिलता है। ऐसे में...