পাৰিবাৰিক মানসিক অশান্তিৰ বাবেই লাহোৱালৰ ঘোৰামৰাত এজন যুৱকে আত্মহত্যাৰ চেষ্টা চলায়। গাঁৰ নোম শিয়ৰি উঠা এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। ঘোৰামৰা আৰক্ষী চকীৰ সমীপতে প্ৰায় দুশ ফুট উচ্চতাৰ এটা মোবাইল টাৱাৰত উঠি আত্মহত্যাৰ চেষ্টা চলায় কৃষ্ণকান্ত গগৈ নামৰ যুৱকজন।

পুৱা প্ৰায় ৯.৩০ বজাত আত্মহত্যা কৰিবলৈ বুলি সুউচ্চ টাৱাৰত উঠে কৃষ্ণই। যুৱকজনে সংঘটিত কৰিব বিচৰা এই ঘটনা স্থানীয় লোকে প্ৰত্যক্ষ কৰাৰ লগে লগে ঘটনাস্থলীত লাহোৱাল, ঘোৰামৰা আৰক্ষী, এছ ডি আৰ এফ বাহিনী আৰু অগ্নিনিৰ্বাপন বাহিনী উপস্থিত হয়। সকলোৱে যুৱকজনক নামি আহিবলৈ কাটৰ আহ্বান আৰু অনুৰোধ জনাই অহাৰ পিছতো কোনো গুৰুত্ব নিদিয়াত অৱশেষত বিজু নামৰ এজন যুৱকৰ আহ্বানত তাৎক্ষণিকভাৱে তললৈ নামি আহিল কৃষ্ণকান্ত গগৈ।

জানিব পৰামতে, কৃষ্ণকান্তই গগৈয়ে তেওঁৰ বন্ধু তথা সহকৰ্মী কৰণ দত্ত ওৰফে বিজুৰ প্ৰেয়সীৰ সৈতে আছিল অবৈধ প্ৰেমৰ সম্পৰ্ক। বিজুৰ প্ৰেয়সীৰ সৈতে কৃষ্ণকান্তই মোবাইলত কৰিছিল দুৰ্বাৰ প্ৰেমালাপ। দীৰ্ঘদিনৰ পৰা বিজুৰ প্ৰেয়সী আৰু কৃষ্ণৰ মাজত চলি থকা প্ৰেম-প্ৰীতিৰ কাৰ্য ধৰা পেলাইছিল পত্নী ভাগ্যশ্ৰীয়ে। যাৰ ফলত কৃষ্ণৰ  পৰিয়ালত উদ্ভৱ হৈছিল পাৰিবাৰিক অশান্তি। মন কৰিবলগীয়া কথাটো হ'ল কৃষ্ণৰ পত্নী আৰু প্ৰেয়সীৰ নামো আছিল ভাগ্যশ্ৰী।

ইফালে বন্ধু বিজুৱে কৃষ্ণকান্তৰ মোবাইলৰ পৰা প্ৰায়ে প্ৰেয়সীলৈ ফোন কৰিছিল। আনহাতে পূৰ্বে অন্তৰংগ মুহুৰ্ত কৰি ৰখা ভিডিঅ'ৰে বিজুৱে ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰিছিল। পত্নী আৰু প্ৰেয়সীৰ নাম একে হোৱাৰ বাবেই ভুলবশতঃ এদিনৰ বাবে মেছেজৰ আদান-প্ৰদান হৈছিল। তাকে লৈ কৃষ্ণকান্তৰ গৃহত তীব্ৰ মানসিক অশান্তিৰ সৃষ্টি হৈছিল।

যাৰ পৰিপ্ৰেক্ষিতত কৃষ্ণই সুউচ্চ মোবাইল টাৱাৰৰ পৰা জঁপিয়াই আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰা বুলি কৃষ্ণকান্ত গগৈয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে। ইফালে কৃষ্ণ আৰু বিজুৰ প্ৰেয়সীৰ মাজত চলি থকা অবৈধ সম্পৰ্কক কেন্দ্ৰ কৰি কৃষ্ণ আৰু তেওঁৰ পত্নীৰ মাজত কাজিয়া, মাৰপিটৰ ঘটনা সংঘটিত হৈ আহিছিল। আনহাতে ইমানতে ক্ষান্ত নাথাকি কৃষ্ণক পত্নী ভাগ্যশ্ৰীয়ে বিবাহ বিচ্ছেদৰ প্ৰস্তাৱ দি স্বামীগৃহ ত্যাগ কৰিছিল। ইয়াৰ পাছতে হিতাহিত জ্ঞান হেৰুৱাই লোকজনে আত্মহত্যাৰ উদ্দেশ্যে উঠিল মবাইল টাৱাৰত। অৱশেষত স্থানীয় ৰাইজৰ বুজনিত সুউচ্চ টাৱাৰৰ পৰা নামি আহিল কৃষ্ণ। প্ৰায় ৫ ঘন্টাৰ পিছত অৱসান ঘটিল শ্বাসৰোদ্ধকৰ পৰিস্থিতি। এছ ডি আৰ এফ বাহিনীয়ে যুৱকজনৰ বাবে ভূ-খণ্ডত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। উল্লেখযোগ্য যে, এই ঘটনাক লৈ দিনটোত ঘোৰামৰা অঞ্চলত এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয়।