ধনশিৰি মহকুমাৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ঐতিহ্যমণ্ডিত সৰুপথাৰ মহাবিদ্যালয়ৰ জেষ্ঠা শিক্ষয়িত্ৰী নৱনিযুক্ত অধ্যক্ষা ড° প্ৰাপ্তি ঠাকুৰে বৃহস্পতিবাৰৰ পৰা অধ্যক্ষা পদৰ কাৰ্যভাৰ গ্ৰহণ কৰে। তেখেত মহাবিদ্যালয়খনৰ সপ্তম গৰাকী অধ্যক্ষ। সৰুপথাৰ মহাবিদ্যালয়ৰ সভাগৃহত মহাবিদ্যালয়খনিৰ পৰিচালনা সমিতিৰ সভাপতি সিদ্ধেশ্বৰ শইকীয়াৰ সভাপতিত্বৰে এক সভা আয়োজন কৰি নৱনিযুক্ত স্থায়ী অধ্যক্ষা গৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনায়। আদৰণি অনুষ্ঠানত ড° প্ৰাপ্তি ঠাকুৰক সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা মনিপ্ৰভা বৰা, মহাবিদ্যালয়খনৰ কলা আৰু বাণিজ্য শাখাৰ শিক্ষক-শিক্ষয়ত্ৰী, মহাবিদ্যালয়খনৰ কাৰ্যালয়ৰ কৰ্মচাৰী, গ্ৰন্থাগাৰৰ বিষয়ববীয়া, ছাত্ৰ-ছাত্ৰীৰ লগতে ধনশিৰি মহকুমা সাংবাদিক সস্থাৰ সদস্যসকলে ফুলাম গামোছা আৰু বিভিন্ন উপহাৰ প্ৰদানেৰে অধ্যক্ষা গৰাকীক উষ্ম আদৰণি জনায়। ইয়াৰ উপৰিও নৱনিযুক্ত অধ্যক্ষা গৰাকীৰ বৃহস্পতিবাৰৰ দিনটো ওপজা দিন হোৱা বাবে সেই অনুষ্ঠানতে এটি কেক কাটি তেখেতক শুভেচ্ছা প্ৰদান কৰে। শেষত অধ্যক্ষা গৰাকীয়ে সকলোৰে সহযোগিতা কামনা কৰি সম্পূৰ্ণ সততা আৰু নিষ্ঠাৰে মহাবিদ্যালয়খনক আন্ত: গাঁথনিকে ধৰি শৈক্ষিক, সাংস্কৃতিক সকলো দিশতে আগুৱাই নি মহাবিদ্যালয়খনৰ সকলো প্ৰত্যাহবান নেওচি সকলোৰে আশাক সন্মান আৰু সঁহাৰি জনাই ২১শতিকাৰ নতুন শিক্ষানীতিৰ লগত সম্পূৰ্ণ উদ্যমেৰে আগুৱাই যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু সকলোৰে উপস্থিতিত ড° প্ৰাপ্তি ঠাকুৰে সকলোকে সেৱা আৰু প্ৰণাম জনাই অধ্যক্ষাৰ আসন গ্ৰহণ কৰে। তেখেতে আসন গ্ৰহণ কৰাৰ পিছতেই মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ আশিস বনিক তথা মহাবিদ্যালয়খনৰ অধ্যাপক প্ৰশান্ত পোদ্দাৰ আৰু প্ৰাঞ্জল দত্তই এটি এটি গীত পৰিৱেশন কৰি অধ্যক্ষা গৰাকীকক অভিনন্দন আৰু শুভকামনা জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
তামুলপুৰত বিজুলী মহোৎসৱ পালন
স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি তামুলপুৰ জিলাৰ বিদ্যুৎ বিভাগে আজি...
Meghalaya CM Sangma Conrad met PM Narendra Modi
Meghalaya Chief Minister Sangma Conrad and his Ministers team met Prime Minister Narendra Modi in...
Top Trades For Tomorrow: बाजार खुलने पर इन Stocks में दिखेगा Action, आज ही तैयार करें निवेश Strategy
Top Trades For Tomorrow: बाजार खुलने पर इन Stocks में दिखेगा Action, आज ही तैयार करें निवेश Strategy
Manipur: केंद्रीय मंत्री अमित शाह से मिलेंगे मणिपुर आदिवासी निकाय के नेता, मौजूदा स्थिति पर होगी चर्चा
Manipur Violence: मणिपुर के एक प्रभावशाली आदिवासी समूह के प्रतिनिधि सोमवार को दिल्ली आएंगे।...
સુપ્રીમ કોર્ટે ગુજરાત રમખાણોને લગતી તમામ કાર્યવાહી બંધ કરી, કહી આ વાત
ગુજરાત રમખાણોને લગતી તમામ કાર્યવાહી બંધ કરવામાં આવી છે. આ સાથે કોર્ટટ દ્વારા કહેવામાં આવ્યું છે...