ডিব্ৰুগড়, ১ ছেপ্টেম্বৰঃ দুখন বিদ্যালয়ক একত্ৰিতকৰণৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তক বিৰোধিতা কৰি আজি ডিব্ৰুগড়ত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই। চৰকাৰী নীতি-নিয়মক জ্বলাঞ্জলি দি ষড়যন্ত্ৰমূলকভাৱে ইতিহাস গৰকা বিদ্যালয়ক বিলুপ্ত কৰিব বিচৰা চৰকাৰী হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে লাহোৱাল খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি তলা বন্ধ কাৰ্যসূচী ৰূপায়ন কৰে।

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি জিতু শ‍ইকীয়া আৰু সম্পাদক সঞ্জীৱ চুতীয়াৰ নেতৃত্বত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়ত বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। চুতীয়া ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি জিতু শইকীয়াই জানিবলৈ দিয়ামতে, লাহোৱাল প্রাথমিক শিক্ষাখণ্ড কাৰ্যালয়ৰ অন্তৰ্গত লাৰুপৰীয়া প্ৰাথমিক বিদ্যালয়খন কচুৱনী পথাৰ প্ৰাথমিক বিদ্যালয়ৰ লগত একত্ৰিতকৰণৰ যি নিৰ্দেশনা প্ৰদান কৰিছে তাক কেতিয়াও গ্রহণযোগ্য হ'ব নোৱাৰে। যিহেতু কচুৱনী পথাৰ প্ৰাথমিক বিদ্যালয়ত কম সংখ্যক ছাত্র-ছাত্রী আছে আৰু লাৰুপৰীয়া প্ৰাথমিক বিদ্যালয়ত ৭৪ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু তিনিজন শিক্ষক আছে।

লাৰুপৰীয়া প্ৰাথমিক বিদ্যালয়ৰ শৈক্ষিক পৰিবেশৰ লগতে বিদ্যালয়ৰ আন্তঃগার্থনি যথেষ্ট উন্নত। লাহোৱাল প্রাথমিক শিক্ষাখণ্ড কার্যালয়ৰ বিষয়াই বিদ্যালয়ৰ দুখনৰ শৈক্ষিক পৰিবেশ, বিদ্যালয়ৰ আন্তঃগাথনি, ছাত্র ছাত্ৰীৰ সংখ্যা আদি ঠাইত গৈ ভালকৈ পৰ্যবেক্ষণ নকৰাৰ বাবে কম ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়ৰ লগত একত্ৰিকৰণ কৰিব বিচাৰিছে। সংশ্লিষ্ট বিষয়াৰ ভুলৰ এনে সিদ্ধান্ত কেতিয়াও গ্ৰহণ কৰিব নোৱাৰি বুলি স্পষ্ট কৰি দিছে।

আনহাতে এই সন্দৰ্ভত যোৱা ২ আগষ্টত অসমৰ মুখ্যমন্ত্রী, শিক্ষামন্ত্রী, জিলা উপায়ুক্ত, স্থানীয় বিধায়কক স্মাৰকপত্রযোগে উচ্চ পর্যায়ৰ তদন্ত কৰি কোন বিষয়াৰ ভুলৰ বাবে এনে কার্য সংঘটিত হ'ব পালে তাৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ আৰু দক্ষ বিষয়াৰ দ্বাৰা বিদ্যালয় দুখন পর্যবেক্ষণ কৰাই একত্ৰিকৰণ বাতিল কৰি উচিত সিদ্ধান্ত গ্রহণ কৰিবলৈ দাবী জনোৱা হৈছিল যদিও আজি পর্যন্ত কোনো গুৰুত্ব প্রদান নকৰাত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে। ইফালে লাহোৱাল শিক্ষা খণ্ড বিষয়া প্ৰণৱ মেছে প্ৰতিবাদস্থলীত উপস্থিত হৈ লাৰুপৰীয়া বিদ্যালয়খনক কচুৱনী বিদ্যালয়ৰ সৈতে একত্ৰিতকৰণৰ বাবে লোৱা সিদ্ধান্ত বাতিলৰ বাবে শিক্ষা মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণৰ আশ্বাস প্ৰদান কৰে।