সমগ্ৰ দেশজুৰি এইবাৰ উলহমালহেৰে উৎযাপন কৰা হল আজাদি কা অমৃত মহোৎসৱ। আজাদি কা অমৃত মহোৎসৱৰ উল্লাসে উল্লসিত কৰিলে সমগ্ৰ দেশবাসী। ইয়াৰ পিছতো একাংশ গ্ৰামাঞ্চল বাসীক ঢুকি নাপালে এই আজিদি কা অমৃত মহোৎসৱে। স্বাধীনতা ৭৫ বছৰৰ পিছতো এতিয়াও অসমৰ বহু গ্ৰাম্যঞ্চল বিভিন্ন ক্ষেত্ৰত বঞ্চিত অৱহেলিত হৈ ৰৈছে। তেনে এটি অঞ্চল হৈছে পেঙেৰীৰ টেকেৰী অঞ্চল। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ইনথেম গাঁও পঞ্চায়তৰ অন্তৰ্গত টেকেৰী ডুৱাগাওঁ আজিও সকলো দিশতে বঞ্চিত অৱহেলিত। টেকেৰী ডুৱাগাওঁ সংযোগী কুলাজান নৈৰ ওপৰত আজিও হৈ নুঠিল এখন দলং। দলং নথকাৰ বাবে স্বাধীনতা ৭৫ বছৰৰ পিছতো এক বিপদ সংকুল পথেৰে নিতৌ যাতায়ত কৰিব লগীয়া হৈছে অঞ্চলটোৰ সাধাৰণ ৰাইজ। বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ লগতে গ্ৰাম্য অঞ্চলটো বজাৰ সমাহ কৰিবলৈ যোৱা লোকসকলৰ লগতে চিকিৎসা কৰিবলৈ যোৱা ৰোগীজনলৈকে প্ৰতিজন লোকেই বাঁহৰ দলঙৰে বিপদ সংকুল ভাবে জীৱটো বুকুত বান্ধি যাতায়ত কৰিব লগীয়া হৈছে। দলং নথকাত এম্বুলেঞ্চ আদি বাহনো গাওঁখনত প্ৰৱেশ কৰিব নোৱাৰে। মুঠৰ ওপৰত যাতায়ত ক্ষেত্ৰত অঞ্চলটো লোকসকলে সেই মান্ধাতা যুগৰ বাঁহৰ দলঙৰে আশ্ৰয় লব লগা হৈ আহিছে। বছৰ পিছত বছৰ এনেদৰে পৰিত্যক্ত মৰণ ফাণ্ড সদৃশ দলঙৰ ওপৰেৰে যাতায়ত কৰি আহিছে অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজ। স্থানীয় অঞ্চলবাসীয়ে যাতায়তৰ সুবিদাৰ্থে এখন পকী দলং নিৰ্মাণ কৰি দিবৰ বাবে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰান কলাখোৱাত বিজেপি আত্মনিৰ্ভৰ ভাৰত ৰাজহুৱা সভাত অংশ ললে বিধায়ক চক্ৰধৰ গগৈয়ে।
ভাৰতীয় জনতা পাৰ্টিৰ ৪৪ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি "সামাজিক ন্যায় সপ্তাহ " কাৰ্যক্ৰমৰ...
Breaking News: AAP सांसद Sanjay Singh को झटका, आप सांसद संजय सिंह की याचिका ख़ारिज | AAP News
Breaking News: AAP सांसद Sanjay Singh को झटका, आप सांसद संजय सिंह की याचिका ख़ारिज | AAP News
रात के अंधेरे में हुआ बड़ा हादसा Jharkhand के Jamtara Train Accident में कैसे लोगों की जान गई?
रात के अंधेरे में हुआ बड़ा हादसा Jharkhand के Jamtara Train Accident में कैसे लोगों की जान गई?
Amazing Facts About Food 🤯🥗 | Food Facts In Hindi | Health Tips | #shorts #facts #healthtips
Amazing Facts About Food 🤯🥗 | Food Facts In Hindi | Health Tips | #shorts #facts #healthtips