সংবাদদাতা, পশ্চিম যোৰহাটঃ নেহৰু যুৱ কেন্দ্ৰ, যোৰহাটত ৰাইজৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু পৰিচালিত সকলো অনুষ্ঠান পঞ্জীয়ন কৰি থকা হৈছে। ১-১২ আগষ্টলৈ ঘৰ ঘৰ ত্ৰিৰংগা আৰু যোৰহাট জিলাৰ নগৰ আৰু গাঁওসমূহত ৰাইজৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু পৰিচালিত সকলো অনুষ্ঠানৰে বিষয়ববীয়া আৰু কৰ্মীসকলক জিলাখনৰ কেইটিমান বেচৰকাৰী সংগঠনৰ লগত জড়িত কৰ্মীসকলে নেহৰু যুৱ কেন্দ্ৰ, যোৰহাটৰ অধীনত অনুষ্ঠানসমূহ পঞ্জীয়নৰ বাবে নিৰ্দিষ্ট প-পত্ৰ প্ৰদানৰ উপৰি অনুষ্ঠানসমূহত উপস্থিত হৈ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। তদুপৰি যোৰহাট জিলাখনৰ নগৰ-গ্ৰামাঞ্চলত ৰাইজৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু পৰিচালিত অনুষ্ঠানসমূহৰ নাম-ঠিকনা আদি সংগ্ৰহ কৰে। ১৩-১৫ আগষ্টলৈ এনে অনুষ্ঠানসমূহক ত্ৰিৰংগ পতাকা উৰুৱাবলৈ একোখনকৈ প্ৰদান কৰে তদুপৰি সমদল উলিয়াই আজাদী ক্যা অমৃত মহোৎসৱৰ প্ৰচাৰ চলায়। বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন সৃষ্টিৰ কৰ্মীসকলে সমদল উলিয়াই ঘৰে ঘৰে প্ৰদানৰ লগতে বহু অনুষ্ঠানৰ চৌহদ, মুকলি স্থান, বাট-পথৰ কাষ আদিত ঔষধি আৰু লাগনি গছৰ পুলি ৰোপণ কৰে। নেহৰু যুৱ কেন্দ্ৰ, যোৰহাট কাৰ্যালয়ত জিলাখনৰ নগৰে-গাঁৱে ৰাইজৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু পৰিচালিত হৈ থকা অনুষ্ঠানসমূহৰ পঞ্জীয়ন বৰ্তমানো বিনামূলীয়াকৈ কৰি থকা হৈছে। বৰ্তমানো যিবিলাক অনুষ্ঠান পঞ্জীয়ন কৰা নাই তেনে অনুষ্ঠানৰ সৈতে জড়িতসকলে সভাপতি, সম্পাদকৰ এক’পিকৈ ফ’টো, ন্যূনতম ৭ গৰাকীকৈ সদস্যৰ নাম-ঠিকনা, পিতৃৰ নাম, সম্প্ৰদায়, আধাৰ নম্বৰ, অনুষ্ঠানটোৰ নামত বেংকত থকা হিচাপ নং আদি লৈ যোৰহাট দিপাঙ্কৰ বিদ্যাপীঠৰ সন্মুখস্থিত নেহৰু যুৱ কেন্দ্ৰ, যোৰহাট কাৰ্যালয়ত উপস্থিত হৈ নিৰ্দিষ্ট প-পত্ৰৰ জৰিয়তে বিনামূলীয়াকৈ অনুষ্ঠানটোৰ পঞ্জীয়ন কৰাবৰ বাবে আহ্বান জনাইছে। যোৰহাটৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন সৃষ্টিৰ কৰ্মীসকলৰ উদ্যোগত শতাধিক অনুষ্ঠানৰ পঞ্জীয়ন বিনামূলীয়াকৈ কৰাই দিয়া হৈছে। গছ ৰোপণ আৰু প্ৰতিপালন বাবেও ৰাইজক কৰ্মীসকলে সজাগ-সচেতন কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কাকপথাৰত উপস্থিত হৈ কি কলে মন্ত্ৰী যোগেন মহনে
কাকপথাৰত উপস্থিত হৈ কি কলে মন্ত্ৰী যোগেন মহনে
KBC की इस महिला की बातें सुन, Amitabh Bachchan हंस-हंस कर लोट-पोट हुए | viral video
KBC की इस महिला की बातें सुन, Amitabh Bachchan हंस-हंस कर लोट-पोट हुए | viral video
Shark attack: व्हाइट शार्क के हमलों से बचने के लिए ये देश क्या कर रहा है? (BBC Hindi)
Shark attack: व्हाइट शार्क के हमलों से बचने के लिए ये देश क्या कर रहा है? (BBC Hindi)
दिल्लीत भीक मागण्यासाठी मुंबईतून बाळांची चोरी; CCTV फुटेजमुळे भांडाफोड, महिलेला अटक
मुंबईच्या बोरिवली जीआरपी पोलिसांनी एका महिलेला अटक केली आहे. तर तिचा अल्पवयीन मुलगा आणि मुलगी...