বিশ্বনাথৰ বিহালীত উন্মোচন কৰা হল জিলা খনৰ ভিতৰত প্ৰথমজন আদিবাসী লোক সকলৰ প্ৰথম গৰাকী ছহিদ বীৰ বীৰচা মুণ্ডাৰ পূৰ্ণ অৱয়ব প্ৰতিমূৰ্তি।বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ উপস্হিতিত বিশ্বনাথ জিলা উপায়ুক্ত মুনিন্দ্ৰ নাথ ঙাটেই উন্মোচন কৰে এই প্ৰতিমূৰ্তি। বিশ্বনাথ তথা বিহালীৰ আদিবাসী ছাত্ৰ সন্থাকে ধৰি আদিবাসী জনগোষ্ঠী সকলৰ এক দীৰ্ঘদিনীয়া দাবী আছিল জিলাখনত তেওঁলোকৰ বীৰ জনাৰ এক প্ৰতিমূৰ্তি নিৰ্মান কৰাৰ। বিধায়ক ৰঞ্জিত দত্তই আদিবাসী সকলৰ সেই দাবীৰ প্ৰতি সন্মান জনাই বিধায়ক পুঁজিৰ পৰা প্ৰায় দহ লক্ষ্য টকা ব্যায় সাপেক্ষে নিৰ্মান কৰি উলিয়াইছে এই অৱয়ব প্ৰতিমূৰ্তি।

ইফালে বৰগাং চেন্টাৰৰ সমীপতে বিধায়ক গৰাকীয়ে ১৩ লাখ টকা ব্যায় সাপেক্ষে নিৰ্মান কৰা বিহালীৰ তিনিগৰাকী স্বাধীনতা সংগ্ৰামী মুক্তি যোদ্ধা ছবিলাল উপাধ্যায়, বগীৰাম শইকীয়া আৰু মোলান শৰ্মাৰ আবক্ষ্য মূৰ্তি উন্মোচন কৰাৰ লগতে ত্ৰিমূৰ্তি উদ্যানো উন্মোচন কৰে বিধায়ক গৰাকীয়ে।আজি আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বীৰ জনাৰ লগতে তিনিগৰাকীকৈ মুক্তি যোদ্ধাক সহস্ৰ প্ৰণাম জনাই বিধায়ক ৰঞ্জিত দত্তই উন্মোচন কৰে এই প্ৰতিমূৰ্তিৰ লগতে উদ্যানখন।