আজিৰ খবৰ, গুৱাহাটী, ২৯ জুলাই, ২০২২ : দীপৰ বিলৰ পাৰৰ ঐতিহাসিক শ্ৰী শ্ৰী ভাঙাৰা গোঁহাই মন্দিৰৰ সমীপত আজি বিয়লিৰ ভাগত কোনো ৰেলৰ চেপাত বিলুপ্তপ্ৰায় সৰীসৃপ প্ৰজাতিৰ এটা মটীয়া গুঁইৰ ( Bengal Monitor Lizard ) মৃত্যু হয় । এই সন্দৰ্ভত দীপৰ বিলৰ পাৰৰ চকৰদৌ কলিতাপাৰাৰ বাসিন্দা , পৰিবেশ কর্মী আৰু দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক তথা আদৰ্শ গো - পালক প্ৰমোদ কলিতাই জানিবলৈ দিয়া মতে তেওঁ অইনদিনাৰ দৰে আজিও দিনৰ ভাগত ঘৰৰ গৰু কেইটা কিছু নিলগৰ ঐতিহাসিক শ্ৰী শ্ৰীভাঙাৰা গোহাঁই মন্দিৰৰ ফালে চৰাবলৈ নিছিল । বিয়লি প্ৰায় ২.৩০ মান বজাত কোনো ৰেলৰ চেপাত ৰেলৰ চিৰিৰ মাজত ছিন্ন ভিন্ন হৈ থকা বিলুপ্তপ্ৰায় প্ৰজাতিৰ ( পিলাৰ নং ১৬৭/৩ আৰু ১৬৭/৪ ৰ মাজত ) এটা মটীয়া গুঁই মূৰটো কটা যোৱা অৱস্থাত প্ৰত্যক্ষ কৰে । সন্দেহ কৰা মতে বিলুপ্তপ্ৰায় প্ৰজাতিৰ সৰীসৃপটো প্ৰত্যক্ষ কৰাৰ এক ঘণ্টামানৰ আগতে কোনো ৰেলৰ চকাৰ চেপাত কৰুণভাবে মৃত্যুক আঁকোৱালি লবলগীয়া হয় । আনহাতে দীপৰ বিল সুৰক্ষা মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ আৰু সহকাৰী সাধাৰণ সম্পাদক সুশীল টেৰণে জানিবলৈ দিয়া মতে ১৯৯০ - ৯১ চনত দীপৰ বিলৰ দক্ষিণ পাৰৰে আজাৰা - কামাখ্যা সংযোগী ৰেলপথচোৱা নিৰ্মাণ কৰাৰ পাছত বিগত সময়চোৱাত এনিমেল আৰু এলিফেণ্ট কৰিডৰ হিচাপে পৰিচিত চকৰদৌ আৰু দেউচতালৰ অংশখিনীত ৰেলৰ চেপাত ১৫ টাকৈ বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ সমান্তৰালভাৱে বিলুপ্তপ্ৰায় প্ৰজাতিৰ অসংখ্য শিয়াল , বন গাহৰি , কেটেলা পহুসহ বনৰীয়া জীৱ জন্তুৰ মৃত্যু হৈছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જાફરાબાદ નગરપાલિકાની સાધારણ સભા યોજાઈ I Divyang News
જાફરાબાદ નગરપાલિકાની સાધારણ સભા યોજાઈ I Divyang News
દાહોદ જિલ્લા વિકાસ અધિકારીએ ફતેપુરા તાલુકાની ૨૦જેટલી મંડળીઓની ઓચિંતી તપાસ હાથ ધરી
દાહોદ જિલ્લા વિકાસ અધિકારીએ ફતેપુરા તાલુકાની ૨૦જેટલી મંડળીઓની ઓચિંતી તપાસ હાથ ધરી
અમદાવાદમાં સર્જાઈ મોટી દુઘટર્ના: ગુજરાત યુનિવર્સિટી પાસે ૦૭ માં માળેથી લીફટ તૂટતાં 6 થી વઘુના મોત..
અમદાવાદમાં સર્જાઈ મોટી દુઘટર્ના: ગુજરાત યુનિવર્સિટી પાસે ૦૭ માં માળેથી લીફટ તૂટતાં 6 થી વઘુના મોત..
કિરઆત ના International Qari Shekh Abdul nasir Sa'ad Harak Misri સાહબ નો કિરઆત નો કાર્યક્રમ યોજાયો
કિરઆત ના International Qari Shekh Abdul nasir Sa'ad Harak Misri સાહબ નો કિરઆત નો કાર્યક્રમ યોજાયો
मुंबई के byculla station पास बड़ी घटना | Mumbai news | byculla news today | Mumbai local train
मुंबई के byculla station पास बड़ी घटना | Mumbai news | byculla news today | Mumbai local train