চৰাইদেউৰ কৃষকক বীমা পলিচি বিতৰণ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ

চৰাইদেউ জিলাৰ কৃষি বিভাগৰ উদ্যোগত আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত শস্য বীমা পলিচী বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ৷ উপায়ুক্ত পল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈ, জিলা কৃষি বিষয়া ৰবীন য়েইন, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ কমিটিৰ সদস্য- সদস্যাৰ লগতে উপস্থিত থাকে বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু কৃষক হিতাধীকাৰীসকল৷ সভাত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কৃষক হিতাধীকাৰীসকলৰ মাজত শস্য বীমা পলিচী বিতৰণ কৰে৷ লগতে সভাত কৃষকসকলক শস্য বীমাৰ দ্বাৰা তেঁওলোকৰ কৃষি সুৰক্ষিত কৰিবলৈ আহ্বান জনায় বিধায়ক আৰু উপায়ুক্তই৷ ইয়াৰ পাছতে উপায়ুক্ত পল বৰুৱাই 'ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান (NFSM)' আঁচনিৰ অধীনত চাৰিগৰাকী কৃষক হিতাধীকাৰীক পাম্পছেট প্ৰদান কৰে৷ লগতে তেওঁ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (RKVY) আঁচনিৰ অধীনত চাৰিগৰাকী মহিলা হিতাধীকাৰীক পিঠাখুন্দা মেচিন আৰু প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা (PMKSY )ৰ অধীনত ছগৰাকী হিতাধীকাৰীক প্ৰদান কৰে স্প্ৰিং কুলাৰ৷