আজিৰ খবৰ, গুৱাহাটী , ১০ জুলাই : পশ্চিম গুৱাহাটীৰ আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত তথা এটা সময়ত বাওঁ ধানৰ খেতিৰ বাবে বিখ্যাত পামহী অঞ্চলৰ খেতি পথাৰ সমূহত আবদ্ধ পানীৰ বাবে অঞ্চলটোৰ কৃষক ৰাইজে আজি বহুদিন বাওঁ ধানৰ লগতে আন আন কৃষি কৰ্ম কৰিব নোৱাৰাত কৃষক ৰাইজ হতাশ হৈ পৰিছে । আনকি আবদ্ধ পানীৰ সমস্যাটোৰ এটা চিৰস্থায়ী সমাধানৰ বাবে পামহী কাৰ্বিপাৰা ৰাইজ আৰু পামহী মিকিৰপাৰা ৰাইজে যোৱা ২১ জুনত আজাৰা ৰাজহ চক্ৰ বিষয়াক সাক্ষাৎ কৰি পামহী পথাৰৰ আবদ্ধ পানীভাগ ওলাই যোৱাৰ বাবে নলা খন্দাৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে । এই সন্দৰ্ভত পামহী কাৰ্বিপাৰা ৰাইজৰ সভাপতি চনেশ টেৰণ আৰু সম্পাদক হেনৰী ডেভিড টেৰণৰ নেতৃত্বত যোৱা সজাতি দলটোৱে চক্ৰ বিষয়াক প্ৰদান কৰা স্মাৰক পত্ৰত চাহাৰা ইণ্ডিয়া আৰু অন্যান্য লোক সকলে প্ৰায় ডেৰ দশক পূৰ্বে ক্ৰয় কৰা খোলা পথাৰৰ মাটি সমূহত অপৰিকল্পিত ভাবে পকী দেৱাল নিৰ্মাণ কৰা , পথ নিৰ্মাণ কৰা আৰু মাটিৰে পুতি পেলোৱাৰ ফলত এতিয়া বাৰিষা কাল আৰম্ভ হলেই এক বৃহৎ অঞ্চলৰ পানী সমুহ পূৰ্বৰ দৰে মুকলিকৈ বৈ যাব নোৱাৰাৰ ফলত পানী সমূহ আবদ্ধ হৈ পৰে । ফলত বাওঁ ধানৰ খেতিৰ বাবে এটা সময়ত বিখ্যাত পামহী পথাৰত এতিয়া খেতি কৰিব নোৱাৰা পৰিবেশৰ সৃষ্টি হৈছে । যদি নলা খান্দি আবদ্ধ পানীভাগ ওলাই দিব পৰা নাযায় তেন্তে বহু লোকৰ জীৱন জীৱিকাৰ ক্ষেত্ৰখনত বিৰূপ প্ৰভাৱ পেলোৱাটো নিশ্চিত । জানিব পৰা মতে ২০০৪ - ০৫ চন মানতে চাহাৰা ইণ্ডিয়া নামৰ বিত্তীয় প্ৰতিষ্ঠান টোৱে আজাৰা ৰাজহ চক্ৰৰ পামহী গাঁওত এখন চেটেলাইট চিটি নিৰ্মাণ কৰিম বুলি কৈ ব্যক্তিগত মালিকাধীন লোকৰ পৰা কম দামত একেলগে প্ৰায় ২৪০ বিঘা মান মাটি ক্ৰয় কৰিছিল । কিন্তু কোম্পানীটোৱে গ্ৰাহকক প্ৰবঞ্ছনা কৰাৰ বাবে ছুপ্ৰীম কৰ্টে সমগ্ৰ দেশজুৰি চাহাৰা ইণ্ডিয়াৰ মাটিসহ সকলো সম্পত্তি বাজেয়াপ্ত কৰি সেই ধন গ্ৰাহকক ঘূৰাই দিবলৈ চৰকাৰক নিৰ্দেশ দিয়ে । পৰৱৰ্তী সময়ত পামহী পথাৰত ন্যায়ালয়ৰ নিৰ্দেশত চাহাৰা ইণ্ডিয়াৰ মাটি সমুহ একাংশ লোকে ক্ৰয় কৰে । কিন্তু ক্ৰয় কৰা লোকসকলৰ একাংশই অপৰিকল্পিত বাবে মাটি পুৰ কৰা , সীমাত দেৱাল নিৰ্মাণ কৰি অহা বাবে পামহী পথাৰত পানী আবদ্ধ হৈ পৰিছে । যদি নলা খান্দি আবদ্ধ পানীভাগ ওলাই দিব পৰা নাযায় তেন্তে পামহী পথাৰ ইতিহাসত পৰিণত হোৱাৰো আকাংক্ষা ব্যক্ত কৰিছে বাসিন্দা সকলে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
টিংখাঙৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অঘটন। সহপাঠীৰ আক্ৰমনত গুৰুতৰ ভাৱে আহত ছাত্র ।
ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সংঘটিত হৈছে অঘটন। ৰাজগড় একাডেমী চেণ্টাৰ নামৰ...
પાવીજેતપુરના કલારાણી ખાતે ‘સેવા સેતુ ૨.૦’ કાર્યક્રમ સંપન્ન: ૧૭ ગામના નાગરિકોએ લીધો સરકારી યોજનાઓનો લાભ
પાવીજેતપુરના કલારાણી ખાતે ‘સેવા સેતુ ૨.૦’ કાર્યક્રમ સંપન્ન: ૧૭ ગામના નાગરિકોએ લીધો...
APSC পৰীক্ষাত উত্তীৰ্ণ হৈ ঢকুৱাখনালৈ গৌৰৱ কঢ়িয়াই অনা ত্ৰিনয়ন চমুৱাক ৰাজহুৱা সম্বৰ্ধনা জামুগুৰি গাঁৱত
*APSC পৰীক্ষাত উত্তীৰ্ণ হৈ ঢকুৱাখনালৈ গৌৰৱ কঢ়িয়াই অনা ত্ৰিনয়ন চমুৱাক ৰাজহুৱা সম্বৰ্ধনা জামুগুৰি...
हैकर से बचाएं अपना सोशल मीडिया अकाउंट, काम आएगी ये ट्रिक
सोशल मीडिया अकाउंट यूजर को भनक भी नहीं लगती और उसका अकाउंट हैक भी हो जाता है। हैकर्स सोशल मीडिया...
Chandra Grahan 2022: 8.20 बजे से लगा सूतक काल, इतने बजे से ग्रहण
Chandra Grahan 2022: आज साल का आखिरी चंद्रग्रहण लगने वाला है. इसके लिए सूतक की शुरुआत 9 घंटे पहले...