গোলাঘাট নগৰৰ ঐতিহ্যমণ্ডিত ফণীধৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ত আজি বিদ্যালয়ৰ প্ৰতিষ্ঠাপক জ্ঞানতপস্বী ফণীধৰ বৰদলৈদেৱৰ মৃত্যু তিথিটো প্ৰতিবছৰৰ দৰে আজিও প্ৰতিষ্ঠাতা দিৱস হিচাপে পালন কৰা হয়। বিদ্যালয় চৌহদত থকা তেখেতৰ আবক্ষমূৰ্তিৰ ওচৰত বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকল সমবেত হৈ প্ৰতিষ্ঠাপক গৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰূপজ্যোতি ফুকনে আঁতধৰা অনুষ্ঠানত সকলোৱে ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰি প্ৰতিষ্ঠাতা গৰাকীৰ আত্মাৰ চিৰ শান্তি কামনা কৰে আৰু তেখেত য'তেই নাথাকক তাৰপৰাই আশীষ কামনা কৰে। ফণীধৰ বৰদলৈদেৱৰ আবক্ষমূৰ্তিত বন্তি প্ৰজ্বলন কৰে প্ৰধান শিক্ষক উজ্বল বৰুৱাই। সহযোগ আগবঢ়াই জ্যেষ্ঠ শিক্ষয়িত্ৰী হিমাদ্ৰী গগৈয়ে।মাল্যাৰ্পণ কৰে জ্যেষ্ঠ শিক্ষয়িত্ৰী ইন্দু পাঠকে। অন্যান্য শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে পুষ্পাঞ্জলী অৰ্পণ কৰাৰ পিছত যোৱা ২৯আগষ্ট২০২২ তাৰিখে উদ্ যাপিত শ্ৰী শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষত প্ৰয়াত মুনিন কুমাৰ বৰা সোঁৱৰণী স্থলীতে লিখা ৰচনা প্ৰতিযোগিতাত স্থান অধিকাৰ কৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে উচ্চ শাখাৰ উদগণিমূলক দশম মানৰ প্ৰিয়াংচী দাস আৰু পৰাগ দাসক আশীষ পত্ৰ আৰু গ্ৰন্থৰে পুৰস্কৃত কৰাৰ লগতে  নিম্ন শাখাৰ অষ্টম মানৰ প্ৰথম স্থান লাভ কৰা ছাত্ৰী নিভা গগৈ আৰু দ্বিতীয় স্থান অধিকাৰ কৰা পাৰ্থ ফুকনক আশীষ পত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰে।


সন্ধিয়া বিদ্যালয়ৰ অস্থায়ী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নগেন গগৈৰ নেতৃত্বত শিক্ষক সকলে বিদ্যালয় চৌহদত বন্তি প্ৰজ্বলন কৰে।