মৰাণত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩৯ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ প্ৰস্তুতি

মৰাণহাট ক্ৰীড়া সন্থাৰ উদ্যোগত বৃহত্তৰ মৰাণবাসীৰ সহযোগত অহা ৩ ছেপ্টেম্বৰত মৰাণ মহাবিদ্যালয়ৰ খেল পথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অৰ্জুন বঁটা প্ৰাপক অসমীয়া সু সন্তান ভোগেশ্বৰ বৰুৱাৰ জন্ম দিনৰ লগত সংগতি ৰাখি সমগ্ৰ ৰাজ্য খনৰ লগতে মৰাণতো ৩৯ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ প্ৰস্তুতি চলিছে । মৰাণহাট ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত চুতীয়াই এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিয়া মতে সেই দিনা পুৱা ৫ বজাত প্ৰাইজমণি মিনি দৌৰ প্ৰতিযোগিতা খন উদ্বোধন কৰিব মৰাণহাট ক্ৰীড়া সন্থাৰ সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে । পুৱা ৭ বজাত অনুষ্ঠিত হব লগা সামূহিক দৌৰ উদ্বোধন কৰিব মাহমৰা ৰাজহ চক্ৰ বিষয়া ইন্দিকা গগৈয়ে । পুৱা ৮ - ৩০ বজাত পতাকা উত্তোলনৰ পাচতে ৯ বজাত ক্ৰীড়া প্ৰতিযোগিতা উদ্বোধন কৰিব মৰাণহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল পাতৰে । বিয়লি ২ বজাত প্ৰীতি ফুটবল খেল অনুষ্ঠিত হোৱাৰ পাচতে বিয়লি ৩ বজাত যোগেন মহনৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মৰাণ বিধান সভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, মৰাণহাট ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক অতুল গগৈ আৰু মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালি কোঁৱৰে । উল্লেখ্য যে মিনি মাৰাথান দৌৰ প্ৰিযোগিতাত পুৰুষ দলৰ প্ৰথম প্ৰতিযোগিক দহ হাজাৰ, দ্বিতীয় প্ৰতিযোগিক সাত হাজাৰ আৰু তৃতীয় প্ৰতিযোগিক পাঁচ হাজাৰ পুৰস্কাৰ প্ৰদান কৰা উপৰি মহিলা দলৰ প্ৰথম প্ৰতিযোগিক সাত হাজাৰ, দ্বিতীয় প্ৰতিযোগিক পাঁচ হাজাৰ আৰু তৃতীয় প্ৰতিযোগিক তিনি হাজাৰ টকাকৈ পুৰস্কাৰ প্ৰদান কৰা হ'ব । তাৰোপৰি মিনি মাৰাথান দৌৰ প্ৰতিযোগিতাত পুৰুষ দলৰ চতুৰ্থ স্থানৰ পৰা দশম স্থান পোৱা প্ৰতিযোগী সকলক দুই হাজাৰ আৰু মহিলা প্ৰতিযোগী সকলক এক হাজাৰ টকাকৈ নগদ দিয়া বুলি সম্পাদক হেমন্ত চুতীয়াই জনাইছে । যোগাযোগৰ ফোন নম্বৰ ৮১৩৩৮১৭৩৫৬ অথবা ৭৫৭৬৯৪৬৭৮৭