আকৰ্ষণীয় হৈ পৰিছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী আৰু কংগ্ৰেছৰ মাজৰ শেহতীয়া আইনী যুদ্ধ খন। ইতিমধ্যে মন্ত্ৰী স্মৃতি ইৰানীয়ে দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ, পৱন খেৰা আৰু নীতা দিচজাৰ বিৰুদ্ধে।

শুক্ৰবাৰে সেই অনুসৰি দিল্লী উচ্চ ন্যায়ালয়ে চমন জাৰী কৰিছে সেই সকল জেষ্ঠ কংগ্ৰেছ নেতালৈ। ন্যায়ালয়ে কংগ্ৰেছ নেতা সকলক ২৪ ঘণ্টাৰ সময় বান্ধি দিছে সামাজিক মাধ্যমৰ পৰা স্মৃতি ইৰানী আৰু তেওঁৰ জীয়েকৰ বিৰুদ্ধে দিয়া ভিডিঅ' আৰু ফটো সমূহ ডিলিট কৰিবলৈও।