ফিল'বাৰী তিনিআলিত গ্ৰন্থ আৰু বানিজ্যমেলাৰ লাইখুটা স্থাপন।

ফিল'বাৰীৰ আঞ্চলিক ছাত্ৰ সন্থাৰ দ্বি-বাৰ্ষীক অধিবেশন ও প্ৰতিনিধি সভাৰ লগত সংগতি ৰাখি অহা ৭ ছেপ্তেম্বৰৰ পৰা ২১ ছেপ্তেম্বৰলৈ ফিল'বাৰী তিনিআলিত অনুষ্ঠিত হ'ব গ্ৰন্থ আৰু বানিজ্যমেলা ।আজি অধিবেশনৰ লাইখুটা স্থাপন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক হেৰম্ব দেউৰীয়ে।লাইখুটা স্থাপনৰ আগমুহুৰ্তত লাইখুটা স্থাপন কৰিবলৈ অহা বিশিষ্ট ব্যক্তি সকলক ফিল'বাৰী হোলোং গুৰী গাঁ‌ৱৰ গায়ন পৰা অহা গায়ন-বায়ন দলে আদৰি আনে।ফিল'বাৰীৰ আঞ্চলিক ছাত্ৰ সন্থাৰ দ্বি-বাৰ্ষীক অধিবেশন ও প্ৰতিনিধি সভাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হব লগিয়া গ্ৰন্থ আৰু বানিজ্য মেলাৰ প্ৰতিটো দিনাই অনুষ্ঠিত হব বিভিন্ন কাৰ্যসূচী।প্ৰতিটো কাৰ্যসূচী সকলোৰে সহায় সহযোগিতা দিহা পৰামৰ্শ উপস্থিত কামনা কৰিছে ফিল'বাৰী আঞ্চলিক ছাত্ৰ সন্থাই।