উখল মাখল পৰিবেশ টিংখাং মহাবিদ্যালয়ত। কিয়নো আজিৰ পৰা অনুষ্ঠিত হৈছে বৃহত্তৰ টিংখাং সমষ্টিৰ উচ্চ শিক্ষাৰ একমাত্ৰ চৰকাৰী শিক্ষানুষ্ঠান টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান। ৰাইজৰ দান বৰঙণিৰ ফলত ১৯৭২ চনৰ ১ ছেপ্টেম্বৰত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয় খনৰ এই সোণালী ইতিহাসৰ পঞ্চাশ বছৰীয়া স্মৃতি ৰোমন্থনৰ বাবে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা টিংখাং মহাবিদ্যালয়ৰ সোণালী জযন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানৰ আজি পুৱা ৫০ খন পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। সমাৰোহৰ মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাই। মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ডঃ মৌচুমী গগৈয়ে। বাকী পতাকা সমূহ উত্তোলন কৰে টিংখাং মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষা ছাত্র ছাত্ৰী তথা টিংখাঙৰ বিশিষ্ট ব্যক্তি সকলে। ইয়াৰ পাছতে স্মৃতি তৰ্পণ কৰে মহাবিদ্যালয় খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যগেশ্বৰ গগৈয়ে। পতাকা উত্তোলন স্থলীত ছাত্র ছাত্ৰী সকলে সুন্দৰ কৰা মাৰ্চ পাৰ্চ প্ৰদৰ্শন কৰে। এতিয়া গ্ৰামাঞ্চলৰ মহাবিদ্যালয় খনৰ চৌহদত সৃষ্টি হৈছে এক উখল মাখল তথা উৎসৱ মুখৰ পৰিবেশৰ ।আনহাতে টিংখাং মহাবিদ্যালয়ত জন্ম লগ্নৰে পৰা জড়িত থকা তথা টিংখাং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিশিষ্ট শিক্ষাবিদ জীৱেশ্বৰ মহনে ৫০ বছৰীয়া মহাবিদ্যালয় খনৰ ইতিহাস সুঁৱৰি আৱেগিক হৈ পৰা পৰিলক্ষিত হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ উদ্যোগত চফ্ৰাইত চকু চিকিৎসা শিবিৰ সম্পন্ন
সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ অন্তৰ্গত চৰাইদেউ জিলা গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ উদ্যোগত...
ऑस्करच्या संभाव्य यादीत अभिनेता रामचरणचं नाव आल्याने चाहत्यांमध्ये उत्साह
मुंबई: पुढील वर्षी पार पडणाऱ्या ऑस्कर पुरस्कार सोहळ्यासाठी भारताकडून पाठवण्यात येणाऱ्या...
Priyanka Gandhi Covid-19 Positive: प्रियंका गांधी फिर कोरोना पॉजिटिव |
Priyanka Gandhi Covid-19 Positive: प्रियंका गांधी फिर कोरोना पॉजिटिव |
लैंडिंग के दौरान रनवे पर टकराए दो विमान, आग की लपटें देख सहमे यात्री; तस्वीरों में देखें भयानक मंजर
नए साल पर भीषण भूकंप के बाद एक और दिल दहलाने वाली खबर सामने आई है। दरअसल, रनवे पर उतरते वक्त...