বৰহাটৰ বিমলাপুৰ সাংসদ তপন কুমাৰ গগৈৰ বাসগৃহত জটিল ৰোগত আক্ৰান্ত লোকক চেক প্ৰদান কৰে।
চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ ভেচেলীপথাৰ গাওঁৰ কিছু ৰাইজৰ বাসগৃহৰ লগতে নিজাবাসগৃহত "মুখ্যমন্ত্ৰী সাহায্য পুঁজি" ৰ পৰা চৰাইদেউ জিলাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ জটিল ৰোগত আক্ৰান্ত লোকসকলক চেক্ প্ৰদান কৰে সাংসদ তপন কুমাৰ গগৈয়ে। এই ছেগতে সাংসদ তপন কুমাৰ গগৈয়ে মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জনাইছে আৰু তপন কুমাৰ গগৈয়ে জটিল ৰোগত আক্ৰান্ত হোৱা লোক সকলৰ সোনকালে আৰোগ্য হোৱাৰ কামনা কৰিছে।
 
  
  
   
  