মঙ্গলদৈ উপস্থিত জি পি সিং।আকস্মিক ভাবে বৃহস্পতি বাৰে মঙলদৈত উপস্থিত হয় অসম আৰক্ষীৰ আইন শৃংখলাৰ শীৰ্ষ বিষয়া জি পি সিং।মঙলদৈ আৰক্ষীৰ অতিথি শালাত আৰক্ষীৰ গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰে। সাংবাদিকৰ সন্মুখত বিষয়া গৰাকীয়ে প্ৰকাশ কৰে যে দুৰ্নীতি নিবাৰক শাখাই যোৱা এবছৰত ৪৩ জন দুৰ্নীতিগ্ৰস্ত বিষয়াক হাতে লোতে আটক কৰিছে। অতি শীঘ্ৰে দুৰ্নীতি গ্ৰস্থ বিষয়া সকলৰ বিৰুদ্ধে চাৰ্চ চিট দাখিল কৰা হব। ফৰেইনচিক কেমিকেল ৰিপোৰ্টৰ বাবে কিছু দেৰি হৈছে। 

বিষয়া গৰাকীয়ে উল্লেখ কৰে যে দূৰ্নীতি নিবাৰক শাখাৰ এই অভিযানৰ পিছত কাৰ্যালয় সমূহত দুৰ্নীতি কমিছে। ৰাইজ আৰু সামাজিক মাধ্যমৰ পৰা দুৰ্নীতি নিবাৰণৰ ক্ষেত্ৰত যথেষ্ট সহায় পাইছো। ৰাইজৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। প্ৰতিদিনেই এই উৎসৰ পৰা খবৰ পাবলৈ সক্ষম হৈছো। 

উল্লেখযোগ্য যে যোৱা আগষ্ট মাহত ১৪ জন চৰকাৰী বিষয়াক আটক কৰা হৈছে। মুখ্য মন্ত্ৰীৰ পৰা দুৰ্নীতি বিবাৰণৰ বাবে নিৰ্দেশ পোৱা গৈছে। সময় এবছৰ দুবছৰ লাগিব পাৰে কিন্তু আমি দুৰ্নীতি নিবাৰণ কৰিবলৈ সক্ষম হম। 

জি পি সিঙে লগতে উল্লেখ কৰে যে যোৱা এবছৰ ধৰি অসমত চলি থকা জেহাদিৰ কাৰ্যকলাপ নিৰীক্ষণ কৰি ফেব্ৰুৱাৰী মাহৰ পৰা ৪০ টা জেহাদিক আটক কৰিবলৈ সক্ষম হৈছো। ২০১৪ চনৰ আগতে কিছু লোক অলকাইডাৰ প্ৰতি আকৃষ্ট হৈছিল। বৰ্তমানেও আটক হোৱা জেহাদী সকলৰ আন্তঃৰাষ্ট্ৰীয় কোনো উগ্ৰপন্থী সংগঠনৰ লগত সু সম্পৰ্ক আছে বুলি মন্তব্য কৰে।