দৰং জিলাৰ স্বাস্থ্য বিভাগৰ পৰা ভবিষ্যতে অৱসৰ গ্ৰহণ কৰিব লগীয়া বিষয়া কৰ্মচাৰীৰ বাবে আনন্দৰ বতৰা । এতিয়াৰে পৰা বিভাগটোৰ কোনো কৰ্মচাৰীয়ে অৱসৰৰ পিছত পেঞ্চনৰ বাবে অফিচৰ টেবুলে টেবুলে তাঁত বাতি কাঢ়ি ফুৰিব আৰু নালাগে। অৱসৰৰ দিনাই তেওঁলোকৰ হাতত গতাই দিয়া হ'ব পেঞ্চনকে ধৰি অৱসৰকালীন সকলো চৰকাৰী সা সুবিধাৰ নথিপত্ৰ। জিলাখনৰ স্বাস্থ্য বিভাগত কালিৰে পৰা এনে অতি আদৰণীয় পৰম্পৰাগ আৰম্ভ কৰে অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ে। কালি বিয়লি কাৰ্যালয় প্ৰাংগনত কাৰ্যালয়টোৰ অৱসৰী কেৰিয়াৰ অম্বিকা চৰণ ডেকাৰ বিদায় সম্বৰ্ধনা সভাত বিদায়ী কৰ্মচাৰীৰ গৰাকীৰ হাতত পেঞ্চন আৰু অৱসৰকালীন অন্যান্য সা সুবিধাৰ নথিপত্ৰ সমূহ অৰ্পণ কৰি জিলাখনৰ বিভাগটোত এই পৰম্পৰাৰ শুভাৰম্ভ কৰে অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ নিৰ্মল কুমাৰ বেৰিয়াই।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं