অসমৰ এগৰাকী বিদগ্ধ পণ্ডিত মুক্তিযুঁজাৰু অসমৰ সৰ্বোচ্চ আসন অসম লোকসেৱা আয়োগৰ প্ৰথম গৰাকী অসমীয়া অধ্যক্ষ কামেশ্বৰ দাসৰ ৫৬ সংখ্যক মৃত্যু দিৱস আজি পাঠশালাৰ কেন্দুগুৰীত অনুষ্ঠিত হয়।
কামেশ্বৰ দাস স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত দিৱসৰ মঞ্চ উদ্বোধন কৰি ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাসে কয় যে তেখেতে যি ধৰণে বজালী কলেজ, এম চি কলেজ, বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আদিকে ধৰি বহু অনুষ্ঠান স্থাপন কৰা দাসৰ সৃষ্টিক নতুন প্ৰজন্মৰ মাজত তুলি ধৰিব লাগে বুলি মন্তব্য কৰে।
তেখেতৰ স্মৃতি যুগমীয়া কৰাৰ বাবে চৰকাৰে শীৰ্ঘেই স্থাপন কৰিব ব্ৰঞ্জৰ মূৰ্তি। অনুষ্ঠানত কামেশ্বৰ দাসৰ পৰিয়ালে কামেশ্বৰ দাসক নতুন জীৱন দিয়া বুলিও মন্তব্য কৰে।