সোণাৰিত ফচল বীমা যোজনা সম্পৰ্কীয় সভা সম্পন্ন।

আজি চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা আঁচনি সম্পৰ্কত এখন সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ।

        চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা ডাঙৰীয়াৰ পৌৰহিত্যত অনুষ্ঠিত সভাত জিলা খনৰ বহু কেইজন সফল খেতিয়কক বীমা-পত্ৰ প্ৰদান কৰা হয়। 

           উক্ত সভাত উপস্থিত থাকে জিলা কৃষি বিষয়া ৰবীন য়েইন, বিশিষ্ট সমাজকৰ্মী অৰ্জুন চেট্টী,অভয়পুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী নিতুমণি গগৈ,ভজো গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰীনা বড়াৰ লগতে কৃষি বিভাগৰ বিভিন্ন বিষয় ববীয়াসকল ।