বৃহস্পতিবাৰে তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত Centre of Indian Trade Union চমুকৈ CITU য়ে এক বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰে ।
বিক্ষোভ কাৰ্যসূচীৰ জড়িয়তে অসমৰ শ্ৰমিক সকলৰ বিভিন্ন সমস্যাৰ সমাধান কৰা , আঁচনিভুক্ত কৰ্মচাৰীক মাননিৰ পৰিবৰ্ত্তে মজুৰি প্ৰদান কৰা , শ্ৰমিকক সমান কামৰ সমান মজুৰি প্ৰদান কৰা আদি কেইবাটাও দাবী জনায় সংগঠনটোৱে ।
ইয়াৰোপৰি অংগনবাড়ী কৰ্মী সহায়িকা , আশা কৰ্মী আৰু ৰন্ধন কৰ্মী সকলৰ মাননিৰ সলনি মজুৰি প্ৰদানৰো দাবী জনায় সংগঠনটোৱে ।
সংগঠনটোৱে উপায়ুক্তৰ কাৰ্য্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰি জিলা উপায়ুক্তৰ জড়িয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ ৫ টা দাবী সম্বলিত এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।