বুধবাৰে তিনিচুকীয়াৰ মাকুমত 'নাগিন' নামৰ এটি চাহ জনগোষ্ঠীয় গীতৰ শুভ উন্মোচন হৈ যায় ।

মেছান প্ৰিয়মৰ কথা আৰু সুৰেৰে উদীয়মান কণ্ঠশিল্পী অমৰজিৎ কাশ্যপে কন্ঠদান কৰা চাহ জনগোষ্ঠীয় গীতটোৰ সংগীত কৰিছে নিশান্ত দাসে ।

মাকুমত অনুষ্ঠিত হোৱা গীতটোৰ উন্মোচনী অনুষ্ঠানটোত মাকুমৰ বহুকেইটা সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকি সংগীত শিল্পী কেইগৰাকীক উৎসাহিত কৰা পৰিলক্ষিত হয় ।