বিত্ত মন্ত্ৰালয়ৰ কৰ গৱেষণা ইউনিটে জাৰি কৰা চাৰ্কুলাৰ অনুসৰি ৰে’লৰ টিকট কেনচেল, হোটেলৰ কোঠাৰ ৰিজাৰ্ভেচন নাকচ কৰিলে এতিয়াৰে পৰা পৰিশোধ কৰিব লাগিব GST। ৰেʼলৱেক বাতিল মাচুল দিয়াৰ উপৰিও চৰকাৰক টিকট বাতিল কৰাৰো কৰ দিব লাগিব। সেইদৰে হোটেলৰ কোঠাৰ ৰিজাৰ্ভেচন বাতিল কৰাৰ ক্ষেত্ৰতো কৰ লোৱা হ’ব।

বিত্ত মন্ত্ৰালয়ৰ কৰ গৱেষণা গোটে প্ৰেৰণ কৰা জাননীখনৰ মতে টিকটৰ বুকিং হৈছে এটা ‘চুক্তি’, যাৰ অধীনত সেৱা যোগান ধৰোঁতাই (IRTC/ভাৰতীয় ৰে’লৱে’) গ্ৰাহকক সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। যেতিয়া গ্ৰাহকে উক্ত টিকট বাতিল কৰে তেতিয়া তেওঁক চুক্তি ভংগ কৰা বুলি গণ্য কৰা হয়। এই চুক্তি ভংগৰ মূল্য হিচাপে ৰেʼলৱেই গ্ৰাহকৰ পৰা ধন আদায় কৰিব। জাননীখনৰ মতে প্রথম শ্রেণী বা এ চি ক’চৰ টিকট বাতিল কৰিলে ৫ শতাংশ GST ভৰিব লাগিব, যি হাৰ টিকটত ধাৰ্য কৰা হৈছে। একেদৰেই বিনা পৰিবহণ বা হোটেলতো GST পৰিশোধ কৰিব লাগিব।