তেজপুৰকে ধৰি বৰছলা আৰু ঢেকিয়াজুলি সমষ্টিত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ বাবে আহি বিয়লি বৰছলাৰ বিধায়ক গনেশ কুমাৰ লিম্বুৰ বাসগৃহত এসাজ ভাত খাবলৈ উপস্থিত হৈ বিজেপিৰ ৰাজ্যিক সভাপতি

 ভৱেশ কলিতাই সংবাদ মাধ্যমৰ আগত জেহাদি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ঢেকিয়াজুলিত ৷ মাদ্ৰাছাত কেৱল জেহাদি শিক্ষাহে দিয়া হয় ৷ ৰাষ্ট্ৰদ্ৰোহীৰ বিৰুদ্ধে চৰকাৰ আৰু গৃহ বিভাগে লোৱা পদক্ষেপক আদৰনি জনাই ৰাজ্যিক সভাপতি গৰাকীয়ে ৷ শিপা উভালি পেলোৱা হ'ব জেহাদিৰ বুলিও মন্তব্য ভৱেশ কলিতাৰ ৷ সকলো মাদ্ৰাছা বন্ধ কৰি দিয়াৰো সম্ভাৱনা আছে বুলি কৈ ৰাজ্যিক সভাপতি গৰাকীয়ে মাদ্ৰাছা সমূহত অভিযান চলাব লাগে বুলি মন্তব্য কৰে ৷