গোলাঘাটৰ পূব শিক্ষাখণ্ডৰ অন্তৰ্গত মেৰাপানীৰ তৰাণি সীমান্ত উচ্চ মাধ্যমিক বিদ্যালয়ত বুধবাৰে এক অৱসৰকালীন বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। দৈয়াঙৰ অটব্য অৰণ্যৰ মাজত শিক্ষাৰ বটবৃক্ষ ৰোপন কৰি ১৯৭৮ চনতে প্ৰতিষ্ঠা লাভ কৰা তৰাণি সীমান্ত উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা বিদ্যালয়খনৰ শিক্ষয়িত্ৰী ৰূপৰেখা শইকীয়া আৰু চতুৰ্থশ্ৰেণীৰ কৰ্মচাৰী দধীৰাম কছাৰীক বিদায় সম্ভাষণ জনায়। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিতেশ্বৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিশেষভাৱে উপস্থিত থাকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰবীণ গগৈ, কাৰ্যনিবাহক সদস্য মদন গগৈ, দৈয়াং কৰ্মচাৰী পৰিষদৰ সভাপতি অজিত শইকীয়া, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দেবেশ্বৰ বৰা, বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক অৰুণ বৰাৰ লগতে বিদ্যালয়খনৰ শিক্ষকবৃন্দ, শুভাকাংশী ৰাইজ আৰু ছাত্ৰ ছাত্ৰী সকল। বিদ্যালয়খনৰ পৰিয়ালবৰ্গই এক আৱেগিক পৰিবেশৰ মাজত দুয়োগৰাকী কৰ্মচাৰীৰে কৰ্মময় জীৱনৰ সোঁৱৰণ কৰি একোখনকৈ গামোচা, চেলেং, সফুৰা, নামঘোষা, ছাতি আৰু এডাল লাঠিৰে সম্বৰ্ধনা জনায়। ইফালে এই অনুষ্ঠানতে দৈয়াং আঞ্চলিক কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰাও দুয়োগৰাকী শিক্ষক কৰ্মচাৰীক সম্বৰ্ধনা জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
महिलाओं के लिए जानलेवा हो सकता है Vaginal Cancer, इन शुरुआती लक्षणों से समय रहते करें इसकी पहचान
कैंसर एक गंभीर बीमारी है जो किसी को भी अपना शिकार बना सकती है। हाल ही में सामने आई ICMR की एक...
Air India Express की नई Brand Identity और Design का अनावरण | City Centre
Air India Express की नई Brand Identity और Design का अनावरण | City Centre
आज भारत एक स्वर में कह रहा... Quit India Movement को याद करते हुए PM Modi का विपक्षी दलों पर प्रहार.
नई दिल्ली, पीएम मोदी ने भारत छोड़ो आंदोलन (Quit India Movement) में हिस्सा लेने...
ડીસા કોલેજના યજમાન પદે યોજાયો યુનિવર્સિટી વેસ્ટઝોન ક્રિકેટ ભાઈઓનો સિલેક્શન કેમ્પ || JKS NEWS
ડીસા કોલેજના યજમાન પદે યોજાયો યુનિવર્સિટી વેસ્ટઝોન ક્રિકેટ ભાઈઓનો સિલેક્શન કેમ્પ || JKS NEWS