গোলাঘাটৰ পূব শিক্ষাখণ্ডৰ অন্তৰ্গত মেৰাপানীৰ তৰাণি সীমান্ত উচ্চ মাধ্যমিক বিদ্যালয়ত বুধবাৰে এক অৱসৰকালীন বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। দৈয়াঙৰ অটব্য অৰণ্যৰ মাজত শিক্ষাৰ বটবৃক্ষ ৰোপন কৰি ১৯৭৮ চনতে প্ৰতিষ্ঠা লাভ কৰা তৰাণি সীমান্ত উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা বিদ্যালয়খনৰ শিক্ষয়িত্ৰী ৰূপৰেখা শইকীয়া আৰু চতুৰ্থশ্ৰেণীৰ কৰ্মচাৰী দধীৰাম কছাৰীক বিদায় সম্ভাষণ জনায়। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিতেশ্বৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিশেষভাৱে উপস্থিত থাকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰবীণ গগৈ, কাৰ্যনিবাহক সদস্য মদন গগৈ, দৈয়াং কৰ্মচাৰী পৰিষদৰ সভাপতি অজিত শইকীয়া, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দেবেশ্বৰ বৰা, বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক অৰুণ বৰাৰ লগতে বিদ্যালয়খনৰ শিক্ষকবৃন্দ, শুভাকাংশী ৰাইজ আৰু ছাত্ৰ ছাত্ৰী সকল। বিদ্যালয়খনৰ পৰিয়ালবৰ্গই এক আৱেগিক পৰিবেশৰ মাজত দুয়োগৰাকী কৰ্মচাৰীৰে কৰ্মময় জীৱনৰ সোঁৱৰণ কৰি একোখনকৈ গামোচা, চেলেং, সফুৰা, নামঘোষা, ছাতি আৰু এডাল লাঠিৰে সম্বৰ্ধনা জনায়। ইফালে এই অনুষ্ঠানতে দৈয়াং আঞ্চলিক কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰাও দুয়োগৰাকী শিক্ষক কৰ্মচাৰীক সম্বৰ্ধনা জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાર્ક કરેલ બાઈકની ચોરી થઈ...
પાર્ક કરેલ બાઈકની ચોરી થઈ...
ધારી:- એકમાત્ર ઉદ્યોગને સરકાર કેમ નથી આપતી પ્રોત્સાહન, રત્નકલાકારો માટે શુ ???
ધારી:- એકમાત્ર ઉદ્યોગને સરકાર કેમ નથી આપતી પ્રોત્સાહન, રત્નકલાકારો માટે શુ ???
કાંકરેજ ના ખારીયા મુખ્ય નર્મદા કેનાલમાંથી મૃતદેહ મળ્યો...
કાંકરેજ ના ખારીયા મુખ્ય નર્મદા કેનાલમાંથી મૃતદેહ મળ્યો...
दिल्ली में अब रात 12 बजे तक बजा सकेंगे लाउडस्पीकर, इन ख़ास मौकों के लिए केजरीवाल सरकार ने दी इजाजत
दिल्ली सरकार ने रामलीला आयोजन के समय को रात 10 बजे से बढ़ाकर 12 कर दिया है। इसके लिए उन्होंने रात...
Spreading wrong information about Manish Sisodia's property valuation is incorrect-AAP
Addressing a press conference held at the Aam Aadmi Party's media office, State Working President...