ৰন্ধনগেছক লৈ জনসাধাৰণৰ মূৰত কোনে দিছে মাধমাৰ । গেছৰ বটলিং ফেক্টৰীত নিৰ্ধাৰিত গেছতকৈ কম গেছ ভৰাই প্ৰেৰণ কৰে নেকি গেছ এজেঞ্চি সমূহলৈ? গোলাঘাটৰ এটা গেছ এজেঞ্চিত যোগান বিভাগৰ এক অভিযানত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ ঘটনা । গোলাঘাটৰ এৰেঙাপাৰস্থিত টিকিৰ গেছ এজেঞ্চিত দিনৰ ভাগত নৰ্থ গুৱাহাটীৰ IOC ৰ বলটিং ফেক্টৰীৰ পৰা ৩০৬ টা গেছৰ চিলিণ্ডাৰ আহিছিল ৷ ঠিক তেনেসময়তে গাড়ীত চিলিণ্ডাৰ কেইটা থকা অৱস্থাতেই গোলাঘাট যোগান বিভাগৰ এটা দলে অতৰ্কিত এক অভিযান চলাওতে ধৰা পৰে কেতবোৰ বিস্ফোৰক তথ্য । গাড়ীৰ পৰা এটা এটাকৈ চিলিণ্ডাৰ নমাই ওজন পৰীক্ষা কৰোঁতে নিৰ্ধাৰিত গেছৰ পৰিমাণতকৈ ৭০০ গ্ৰামৰ পৰা ৭ কেজি পৰ্যন্ত গেছ কম বহুসংখ্যক চিলিণ্ডাৰত । যোগান বিভাগৰ সন্দেহ বটলিং ফেক্টৰীৰ পৰাই চিলিণ্ডাৰ সমূহত কম গেছ আহিছে এজেঞ্চিলৈ নহ’লে গেছ সৰবৰাহ কৰা বাহনৰ চালকেও বাটত খেলিমেলি কৰিছে ৷ বৰ্তমান গোলাঘাট যোগান বিভাগে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখি বলটিং ফেক্টৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে । এই ঘটনাৰ পিছতেই তীব্ৰ চাঞ্চল্য সমগ্ৰ গোলাঘাটত । ৰন্ধনগেছৰ অত্যাধিক মূল্যই গ্ৰাহকক জুৰুলা কৰাৰ সময়তে চিলিণ্ডাৰৰ গেছৰ নাটনিয়ে সমগ্ৰ ঘটনা ৰহস্যৰ আবৰ্তত সোমাই পৰিছে । যোগান বিভাগৰ সঠিক তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত সত্য ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
▶️গোৰেশ্বৰৰ ৩নং বালাবাৰী সাংগৌৰ্লে আফাদৰ উদ্যোগত ১৯ সংখ্যক ৰংজালী বৈশুাগু উদযাপন
▶️গোৰেশ্বৰৰ ৩নং বালাবাৰী সাংগৌৰ্লে আফাদৰ উদ্যোগত ১৯ সংখ্যক ৰংজালী বৈশুাগু উদযাপন
Samsung के डिस्प्ले के साथ आएगा Apple का फोल्डेबल iPhone, iPad में होगा इस कंपनी का स्क्रीन
Apple अपने कस्टमर्स के लिए फोल्डेबल फोन लाने की तैयारी कर रहा है। ऐसे में कस्टमर्स अपने लिए एक...
CES 2024 में Mercedes-Benz पेश करेगी G-Class EV, Concept CLA और AI-powered assistant से भी उठेगा पर्दा
Mercedes-Benz ने कहा है कि वह अगले महीने लास वेगास में होने वाले CES 2024 में कई डिजिटल इनोवेशन...
ઉમરાળા શહેરમાં આઠમના પર્વને લઈને બસ સ્ટેશન પાસે મેળો ભરાયો
ઉમરાળા શહેરમાં આઠમના પર્વને લઈને બસ સ્ટેશન પાસે મેળો ભરાયો
अंबाबाई च्या नावानं चक्क काचावर नाचताना पाहुन अंगावर काटा आल्याशिवाय राहणार नाही व्हिडिओ नक्की पहा
अंबाबाई च्या नावानं चक्क काचावर नाचताना पाहुन अंगावर काटा आल्याशिवाय राहणार नाही व्हिडिओ नक्की पहा