ৰন্ধনগেছক লৈ জনসাধাৰণৰ মূৰত কোনে দিছে মাধমাৰ । গেছৰ বটলিং ফেক্টৰীত নিৰ্ধাৰিত গেছতকৈ কম গেছ ভৰাই প্ৰেৰণ কৰে নেকি গেছ এজেঞ্চি সমূহলৈ? গোলাঘাটৰ এটা গেছ এজেঞ্চিত যোগান বিভাগৰ এক অভিযানত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ ঘটনা । গোলাঘাটৰ এৰেঙাপাৰস্থিত টিকিৰ গেছ এজেঞ্চিত দিনৰ ভাগত নৰ্থ গুৱাহাটীৰ IOC ৰ বলটিং ফেক্টৰীৰ পৰা ৩০৬ টা গেছৰ চিলিণ্ডাৰ আহিছিল ৷ ঠিক তেনেসময়তে গাড়ীত চিলিণ্ডাৰ কেইটা থকা অৱস্থাতেই গোলাঘাট যোগান বিভাগৰ এটা দলে অতৰ্কিত এক অভিযান চলাওতে ধৰা পৰে কেতবোৰ বিস্ফোৰক তথ্য । গাড়ীৰ পৰা এটা এটাকৈ চিলিণ্ডাৰ নমাই ওজন পৰীক্ষা কৰোঁতে নিৰ্ধাৰিত গেছৰ পৰিমাণতকৈ ৭০০ গ্ৰামৰ পৰা ৭ কেজি পৰ্যন্ত গেছ কম বহুসংখ্যক চিলিণ্ডাৰত । যোগান বিভাগৰ সন্দেহ বটলিং ফেক্টৰীৰ পৰাই চিলিণ্ডাৰ সমূহত কম গেছ আহিছে এজেঞ্চিলৈ নহ’লে গেছ সৰবৰাহ কৰা বাহনৰ চালকেও বাটত খেলিমেলি কৰিছে ৷ বৰ্তমান গোলাঘাট যোগান বিভাগে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখি বলটিং ফেক্টৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে । এই ঘটনাৰ পিছতেই তীব্ৰ চাঞ্চল্য সমগ্ৰ গোলাঘাটত । ৰন্ধনগেছৰ অত্যাধিক মূল্যই গ্ৰাহকক জুৰুলা কৰাৰ সময়তে চিলিণ্ডাৰৰ গেছৰ নাটনিয়ে সমগ্ৰ ঘটনা ৰহস্যৰ আবৰ্তত সোমাই পৰিছে । যোগান বিভাগৰ সঠিক তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত সত্য ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Mercedes New GLS | कंपनी की 2024 में 12 कार लॉन्च करने की योजना, 10 नए शहरों में करेंगे एंट्री
Mercedes New GLS | कंपनी की 2024 में 12 कार लॉन्च करने की योजना, 10 नए शहरों में करेंगे एंट्री
जिल्हा परिषद प्राथमिक शिक्षकांच्या बदल्या २५ डिसेंबरपर्यंत होणार, वेळापत्रक जाहीर
रत्नागिरी : जिल्हा परिषद प्राथमिक शिक्षकांच्या जिल्हांतर्गत बदल्यांच्या ऑनलाइन प्रक्रियेचे...
টিংখাঙৰ এজন পুত্ৰৰ পিতৃস্নেহ , স্বৰ্গীয় পিতৃৰ স্মৃতিত ডিজিটেল শ্ৰেণীকোঠা প্ৰদান
এজন পুত্ৰৰ পিতৃস্নেহ। পিতৃৰ স্মৃতি সমাজৰ আগত সজীৱ কৰি লক্ষ্যৰে টিংখাঙৰ এজন সু-পুত্ৰই পিতৃৰ নামত...
ઉપલેટા : કોંગ્રેસ પક્ષનું 138 સ્થાપના દિવસની ઉજવણી | SatyaNirbhay News Channel
ઉપલેટા : કોંગ્રેસ પક્ષનું 138 સ્થાપના દિવસની ઉજવણી | SatyaNirbhay News Channel