প্ৰতি বছৰৰ দৰে এইবাৰো কাজিৰঙাৰ বিভিন্ন স্থানত গণেশ চতুৰ্থী পালন কৰিছে ।

আনহাতে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত আছে ভগৱান গণেশ আকৃতিৰ এটা শিলৰমূৰ্তি।

এই শিলৰ মূৰ্তিভাগ কোনো লো বা ধাতুৰে নিৰ্মিত নহয়। লোক বিশ্বাস অনুসৰি স্বতঃস্ফুতভাৱে ভূমিষ্ঠ হৈ ওলাই অহা এই শিলৰ মূৰ্তি ভাগৰো আছে বহু ইতিহাস ।

এই শিলেৰে নিৰ্মিত হস্তী আকৃতিৰ মূৰ্তিভাগৰ নামাৰে পিছলৈ ঠাইখিনিৰ নাম ৰখা হৈছিল হাতীপাথৰ।

কাজিৰঙাৰ কাষৰীয়া অঞ্চল কাৰ্বি আংলংৰ হাতিপাথৰত আছে এই মন্দিৰভাগ। আনহাতে ১৯৮০ চনত স্থাপন কৰা মন্দিৰ ভাগত থকা গণেশৰ মূৰ্তিভাগ লোক বিশ্বাস অনুসৰি ভূমিষ্ঠ হৈ স্বতঃস্ফূৰ্ত ওলাই অহা গণেশ আকৃতিৰ এটা শিলৰ মূৰ্তি। ই প্ৰতি ৫ বছৰৰ মূৰে মূৰে বৃদ্ধি পাই ১.৫ পৰা ২ইঞ্চি পৰ্যন্ত ।