ৰন্ধন গেছক লৈ জনসাধাৰণৰ মূৰত কোনে দিছে মাধমাৰ । গেছৰ বটলিং ফেক্টৰীত নিৰ্ধাৰিত গেছতকৈ কম গেছ ভৰাই প্ৰেৰণ কৰে নেকি গেছ এজেঞ্চি সমূহলৈ? গোলাঘাটৰ এটা গেছ এজেঞ্চিত যোগান বিভাগৰ এক অভিযানত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ ঘটনা । গোলাঘাটৰ এৰেঙাপাৰস্থিত টিকিৰ গেছ এজেঞ্চিত দিনৰ ভাগত নৰ্থ গুৱাহাটীৰ IOC ৰ বলটিং ফেক্টৰীৰ পৰা ৩০৬ টা গেছৰ চিলিণ্ডাৰ আহিছিল ৷ ঠিক তেনেসময়তে গাড়ীত চিলিণ্ডাৰ কেইটা থকা অৱস্থাতেই গোলাঘাট যোগান বিভাগৰ এটা দলে অতৰ্কিত এক অভিযান চলাওতে ধৰা পৰে কেতবোৰ বিস্ফোৰক তথ্য । গাড়ীৰ পৰা এটা এটাকৈ চিলিণ্ডাৰ নমাই ওজন পৰীক্ষা কৰোঁতে নিৰ্ধাৰিত গেছৰ পৰিমাণতকৈ ৭০০ গ্ৰামৰ পৰা ৭ কেজি পৰ্যন্ত গেছ কম বহুসংখ্যক চিলিণ্ডাৰত । যোগান বিভাগৰ সন্দেহ বটলিং ফেক্টৰীৰ পৰাই চিলিণ্ডাৰ সমূহত কম গেছ আহিছে এজেঞ্চিলৈ নহ’লে গেছ সৰবৰাহ কৰা বাহনৰ চালকেও বাটত খেলিমেলি কৰিছে ৷ বৰ্তমান গোলাঘাট যোগান বিভাগে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখি বলটিং ফেক্টৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে । এই ঘটনাৰ পিছতেই তীব্ৰ চাঞ্চল্য সমগ্ৰ গোলাঘাটত । ৰন্ধনগেছৰ অত্যাধিক মূল্যই গ্ৰাহকক জুৰুলা কৰাৰ সময়তে চিলিণ্ডাৰৰ গেছৰ নাটনিয়ে সমগ্ৰ ঘটনা ৰহস্যৰ আবৰ্তত সোমাই পৰিছে । যোগান বিভাগৰ সঠিক তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত সত্য ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મુખ્યમંત્રીનાં નામની સત્તાવાર રીતે કરાઈ જાહેરાત.
ગુજરાતનાં નવા મુખ્યમંત્રી તરિકે ભૂપેન્દ્ર પટેલ.
મુખ્યમંત્રીનાં. નામની સત્તાવાર રીતે કરાઈ...
PM Modi Brunei Visit: PM Modi का ब्रुनेई दौरा कितना अहम? 40 साल के राजनयिक संबंधों का जश्न | Aaj Tak
PM Modi Brunei Visit: PM Modi का ब्रुनेई दौरा कितना अहम? 40 साल के राजनयिक संबंधों का जश्न | Aaj Tak
MUDA जमीन घोटाला- सिद्धारमैया पर सबूत मिटाने का आरोप:कर्नाटक CM बोले- गलत किया होता, राजनीति में टिक नहीं पाता
कर्नाटक के CM सिद्धारमैया की मुश्किलें खत्म नहीं हो रही। अब उनके खिलाफ एक नई शिकायत हुई है। यह...
Mumbai-Pune Rains Updates: पुणे-मुंबई में भारी बारिश से बिगड़े हालात, रेस्क्यू में जुटी NDRF टीम
Mumbai-Pune Rains Updates: पुणे-मुंबई में भारी बारिश से बिगड़े हालात, रेस्क्यू में जुटी NDRF टीम
Simple Dot One इलेक्ट्रिक स्कूटर इस दिन होगा लॉन्च, कंपनी ने बताई प्री-बुकिंग शुरू होने की तारीख
Simple Energy ने सोमवार को घोषणा की है कि वह 15 दिसंबर को भारतीय बाजार में अपना Simple Dot One...