ৰন্ধন গেছক লৈ জনসাধাৰণৰ মূৰত কোনে দিছে মাধমাৰ । গেছৰ বটলিং ফেক্টৰীত নিৰ্ধাৰিত গেছতকৈ কম গেছ ভৰাই প্ৰেৰণ কৰে নেকি গেছ এজেঞ্চি সমূহলৈ? গোলাঘাটৰ এটা গেছ এজেঞ্চিত যোগান বিভাগৰ এক অভিযানত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ ঘটনা । গোলাঘাটৰ এৰেঙাপাৰস্থিত টিকিৰ গেছ এজেঞ্চিত দিনৰ ভাগত নৰ্থ গুৱাহাটীৰ IOC ৰ বলটিং ফেক্টৰীৰ পৰা ৩০৬ টা গেছৰ চিলিণ্ডাৰ আহিছিল ৷ ঠিক তেনেসময়তে গাড়ীত চিলিণ্ডাৰ কেইটা থকা অৱস্থাতেই গোলাঘাট যোগান বিভাগৰ এটা দলে অতৰ্কিত এক অভিযান চলাওতে ধৰা পৰে কেতবোৰ বিস্ফোৰক তথ্য । গাড়ীৰ পৰা এটা এটাকৈ চিলিণ্ডাৰ নমাই ওজন পৰীক্ষা কৰোঁতে নিৰ্ধাৰিত গেছৰ পৰিমাণতকৈ ৭০০ গ্ৰামৰ পৰা ৭ কেজি পৰ্যন্ত গেছ কম বহুসংখ্যক চিলিণ্ডাৰত । যোগান বিভাগৰ সন্দেহ বটলিং ফেক্টৰীৰ পৰাই চিলিণ্ডাৰ সমূহত কম গেছ আহিছে এজেঞ্চিলৈ নহ’লে গেছ সৰবৰাহ কৰা বাহনৰ চালকেও বাটত খেলিমেলি কৰিছে ৷ বৰ্তমান গোলাঘাট যোগান বিভাগে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখি বলটিং ফেক্টৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে । এই ঘটনাৰ পিছতেই তীব্ৰ চাঞ্চল্য সমগ্ৰ গোলাঘাটত । ৰন্ধনগেছৰ অত্যাধিক মূল্যই গ্ৰাহকক জুৰুলা কৰাৰ সময়তে চিলিণ্ডাৰৰ গেছৰ নাটনিয়ে সমগ্ৰ ঘটনা ৰহস্যৰ আবৰ্তত সোমাই পৰিছে । যোগান বিভাগৰ সঠিক তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত সত্য ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Uday Samant on Dasara Melava 2022 : ज्यांनी परवानगी मागीतलीय त्यांचा दसरा मेळावा संपन्न होईल
Uday Samant on Dasara Melava 2022 : ज्यांनी परवानगी मागीतलीय त्यांचा दसरा मेळावा संपन्न होईल
ডিব্ৰুগড় অনাতাঁৰ কেন্দ্রৰ অসমীয়া বাতৰি বন্ধ কৰা সিদ্ধান্ত সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ
ডিব্ৰুগড় অনাতাঁৰ কেন্দ্রৰ অসমীয়া বাতৰি বন্ধ কৰা সিদ্ধান্ত সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া তিনিচুকীয়া...
PM Modi in Telangana: सुबह की बड़ी खबरें | Chhattisgarh Election 2023 | Krishna Janmabhoomi | Bihar
PM Modi in Telangana: सुबह की बड़ी खबरें | Chhattisgarh Election 2023 | Krishna Janmabhoomi | Bihar
ભદલી ગામે વાડીના રસ્તા બાબતે મારામારી થતા 7 લોકો ઈજાગ્રસ્ત, 5 લોકોને વધુ ઇજા પહોંચતા રાજકોટ ખસેડાયા
ભદલી ગામે વાડીના રસ્તા બાબતે મારામારી થતા 7 લોકો ઈજાગ્રસ્ત, 5 લોકોને વધુ ઇજા પહોંચતા રાજકોટ ખસેડાયા
दरंग में पेय जल योजना का शाखा अधिकारी निलंबित
जनस्वास्थ्य अभियांत्रिक मंत्री जयंत मल्ल बरुवा ने दरंग ज़िले के दीपिला पेय जल आपूर्ति योजना के...