আজি ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ঈদ। ৰাজ্য তথা দেশত উদযাপন হৈছে পবিত্ৰ ঈদ উল ফিতৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ঢকুৱাখনাতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ৰমজান মাহৰ অন্তত আজি সমূহীয়াকৈ ঈদৰ নামাজ আদায় কৰি উদযাপন কৰে এই পবিত্ৰ দিনটো ৷ ইপিনে ১৮ শ শতিকাতে ঢকুৱাখনা নগৰৰ ইছলাম ধৰ্মী ৰাইজে প্ৰতিষ্ঠা কৰা  ঢকুৱাখনা  জামে মছজিদৰ ঈদগাহ ময়দানত পবিত্ৰ ঈদ উল জোহা উপলক্ষত  দেওবাৰে ইছলাম ধৰ্মী ৰাইজ একত্ৰিত হৈ আল্লা তালাৰ ওচৰত দোৱা বিচাৰে ৷ দেওবাৰে পুৱাৰে পৰা ঢকুৱাখনা ঈদগাহ ময়দানত ইছলাম ধৰ্মী শত সহস্ৰ ৰাইজ উপস্থিত হয় পবিত্ৰ ঈদৰ সমূহীয়া নামাজৰ বাবে। ঐক্য, সম্প্ৰীতি ভাতৃত্ববোধ আৰু বিশ্ব শান্তি কামনাৰে এখন অপায় অমংগল বিহীন  সমাজ সভ্যতাৰ বাবে সমূহীয়া নামাজ কৰি আল্লাৰ দোৱা কামনাৰে অনুষ্ঠিত এই অনুষ্ঠানত নামাজ পঢ়োৱাই আৰু  খুদবা পাঠ কৰে ঢকুৱাখনা জামে মজ্জিদৰ ইমাম মহম্মদ ৰমজান আলিয়ে । বিগত ৩৫ বছৰ ধৰি জামে মছজিদৰ  ইমাম হিচাবে সেৱা আগবঢ়োৱা  মছজিদৰ প্ৰাক্তন  বয়স্ক ইমাম চাহেব  মহম্মদ ফজৰ আলিয়ে । বিশেষকৈ অঞ্চলটোৰ প্ৰায় ১৪০ টা  ইছলাম ধৰ্মী  পৰিয়ালে অংশ গ্ৰহণ কৰা এই সমূহীয়া নামাজৰ পাছতে পৰম্পৰাগত ৰীতি নীতিৰে ত্যাগৰ প্ৰতীক কুৰবাণীৰ নিয়ম  সম্পন্ন কৰি পবিত্ৰ ঈদ উল জোহা পালন কৰা লগতে ঢকুৱাখনা মানিকপুৰ ইছলাম ধৰ্মীয় যুৱ সমাজৰ তৰফৰ পৰা সমূহ ৰাইজলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে ৷