মাজুলীৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক জয়চন্দ্ৰ দলেয়ে আজি কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাত মহাবিদ্যালয়খনৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা জনোৱা হয় । মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ডঃ উপেন বৰাই উদ্বোধন কৰা বিদায় সম্বৰ্ধনা সভখনত সভাপতিত্ব কৰে অধ্যক্ষ ড০ জাহ্নৱী লহকৰ বৰুৱাই । সভাৰ আৰম্ভণিতে অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ গৰাকীক শিক্ষক গোট, ছাত্র একতা সভাই সভাগৃহলৈ আদৰণি জনাই আনে । মহাবিদ্যালয় শিক্ষক গোট আৰু ছাত্ৰ একতা সভাই পৃথকে পৃথকে গামোচা, চেলেং, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা, শৰাই আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।ইয়াৰোপৰি মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ তৰফৰ পৰাও ভাৰপ্ৰাপ্ত অধ্যক্ষ গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত অধ্যাপক দীলিপ কুমাৰ ফুকন, গনেশ হাজৰিকা, মনিকান্ত মিলি, তোলেন চুতীয়া, মিচিং ছাত্ৰ সংগঠনকে আদি কৰি ভালেসংখ্যক দল-সংগঠন, প্ৰাক্তন ছাত্ৰই অৱসৰী অধ্যাপক গৰাকীক সম্বৰ্ধনা জনাই । অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফনীধৰ টাহুৱে বক্তব্য আগবঢ়াই । উজনি মাজুলীৰ জনজাতি অধ্যুষিত অঞ্চলটিত ১৯৭৩ চনতে প্ৰতিষ্ঠা কৰা মহাবিদ্যালয়খনত নিজকে নিয়োজিত কৰি সুদীৰ্ঘ কাল শিক্ষকতা জীৱনৰ তিতা-মিঠা অভিজ্ঞতা সোঁৱৰণ কৰি বিদায়ী অধ্যাপক গৰাকী আবেগিক হৈ পৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नगर परिसद अध्यक्ष से बीपीएल कार्ड का कूपन पा प्रसन्न हुए 18 परिवार
अजयगढ:-गरीबी रेखा के नीचे जीवन यापन करने वाले हितग्राहियों को शासन की योजनायो का लाभ देने के लिए...
डिस्ट्रिक्ट क्लब प्रबंधन में सुधार की आवश्यकता को लेकर सीएम और स्पीकर बिरला को लिखा पत्र
बूंदी। डिस्ट्रिक्ट क्लब बूंदी के प्रबंधन एवं व्यवस्थाओं को लेकर राज्य के मुख्यमंत्री भजनलाल...
ભાવનગર : યુવક દ્વારા કરાતી પજવણીને લઈ ભાવનગરની વધુ એક યુવતીએ કર્યો આત્મહત્યાનો પ્રયાસ
ભાવનગર : યુવક દ્વારા કરાતી પજવણીને લઈ ભાવનગરની વધુ એક યુવતીએ કર્યો આત્મહત્યાનો પ્રયાસ
बूंदी जिले के नैनवा उपखंड के दुगारी गांव में बारिश के बाद बिगड़े हालात को देखने के लिए पुलिस एसपी ,जिला कलेक्टर पहुंचे ।
बूंदी जिले के नैनवा उपखंड के दुगारी गांव में बारिश के बाद बिगड़े हालात को देखने के लिए पुलिस एसपी...
যোৰহাটত গঁড়ৰ খৰ্গসহ এজন চোৰাং ব্যৱসায়ীক আটক
এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত যোৰহাটৰ পুলিবৰ আৰক্ষীয়ে চলোৱা এক অভিযানত গঁড়ৰ...