তিনিচুকীয়া আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত থকাৰ সময়তে ডিগবৈত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ ৭ জন ড্ৰাগছ আসক্ত আটক কৰিবলৈ সক্ষম হৈছে  ডিগবৈ আৰক্ষীয়ে  ।

বুধবাৰে গোপন খৱৰৰ ভিত্তিত ডিগবৈ IOC ৰ আবাসিক এলেকাৰ লগতে ডিগবৈৰ ৰামনগৰ , বৰবিল , টোপোলাবস্তি , বাপাপুং , মুলীয়াবাৰী , বৰবিল , পানবাৰী , ঢেকীয়াজান , গোলাই আদি অঞ্চলত এক অভিযান চলাই ডিগবৈ আৰক্ষীয়ে ।

অভিযানত ডিগবৈ আৰক্ষীয়ে  মাৰাত্মক ড্ৰাগছ্ সৰবৰাহ আৰু সেৱন কৰা ৭ যুৱকক আটক কৰাৰ লগতে ১০.১১ গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হৈছে ।

আটকাধীন যুৱককেইজন হামিদুল জামান , আনুৱাৰ আলী , সত্যজিৎ হাজৰিকা , বাসু নায়ক ,ৰাণা শ‌ইকীয়া ,চৈয়দ শ্বেখ  আৰু নৃপেন শ‌ইকীয়া বুলি জানিব পৰা গৈছে ।